তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?

Share This Article

আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে  আমেৰিকাৰ চোৰাংছোৱা বিষয়াই  ৷ সংবাদ প্ৰতিষ্ঠান ৰয়টাৰক দিয়া সাক্ষাৎকাৰত আমেৰিকাৰ চোৰাংছোৱা বিষয়াই কয় যে যদি তালিবান এতিয়াৰ দৰেই অগ্ৰসৰ হৈ থাকে , তেনেহ’লে অহা ৩০ দিনৰ ভিতৰত কাবুলক দেশখনৰ আন প্ৰান্তৰ পৰা বিচ্ছিন্ন কৰি পেলাব আৰু ৯০ দিনৰ ভিতৰত চৰকাৰৰ পতন ঘটাব ৷অৱশ্যে আফগান সেনাই সঠিকভাবে তালিবানৰ লগত মোকাবিলা কৰিলে সাম্ভাব্য বিপদৰ পৰা হাত সাৰিব পাৰিব বুলিও কোৱা হৈছে ৷ইফালে , তালিবানে দাবী কৰিছে যে তেওলোকে দেশখনৰ ৮৫ শতাংশ অঞ্চল নিজৰ দখললৈ আনিছে ৷ এতিয়ালৈকে ৯ খন ৰাজ্য তালিবানে দখল কৰা বুলি সদৰী কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.