মোদীৰ আমোলত কিমান ধাৰত পোত গ’ল ভাৰত ?

Share This Article

দুই কৌটি কৰ্মসংস্থাপন , কৃষকৰ আয় দুগুণ কৰা , ক’লা ধন ঘূৰাই অনা আদি বিবিধ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ ৷ কোনো এটা প্ৰতিশ্ৰুতিয়েই আজিলৈ পূৰণ নহ’ল ৷ কিন্তু আন এটা দিশত মোদীৰ শাসনকালত ভাৰতে আকাশ চুবলৈ সক্ষম হৈছে ৷ সেয়া হ’ল ঋণৰ বোজা ৷  পৰিসংখ্যা অনুযায়ী বৰ্তমান ভাৰতৰ মূৰৰ ওপৰত থকা ঋণৰ পৰিমান হ’ল ১৯৭ লাখ কৌটিৰো বেছি টকা ৷ বুধবাৰে সদনত এক প্ৰশ্নৰ উত্তৰত চৰকাৰে এই  তথ্য সদৰী কৰে ৷ লগতে এইবুলিও সোধা হৈছিল যে ঋণৰ বোজা কিদৰে কম কৰা হ’ব ? চৰকাৰৰ উত্তৰ – ৰাষ্ট্ৰীয়কৃত সংস্থা আৰু চৰকাৰী ভূমি বিক্ৰী কৰি ঋণৰ বোজা কমোৱা হ’ব ৷লগতে কৰ আদায়ৰ পৰিমান বৃদ্ধি কৰা হ’ব ৷

মনমোহন সিঙৰ চৰকাৰৰ  শেষৰপিনে অৰ্থাৎ ২০১৪-১৫ বৰ্ষত ভাৰতৰ মুঠ ঋণৰ পৰিমান আছিল ৫৮ লাখ ৬৭ হাজাৰ ৮৯২ কৌটি টকা ৷  কিন্তু তাৰ পাছৰে পৰা ঋণৰ পৰিমান ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰে ৷  তৃণমূল কংগ্ৰেছৰ সাংসদৰ প্ৰশ্নৰ উত্তৰত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষৰ মাৰ্চ মাহত ভাৰতৰ মুঠ ঋণৰ পৰিমান হ’ল ১৯৭ লাখ ৪৫ হাজাৰ ৬৭০ কৌটি টকা ৷ মাত্ৰ এটা বছৰত ঋণৰ বোজাৰ হাৰ ৫ ৰ পৰা ১২.৬ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে ৷ ২০১৬-১৭ বৰ্ষত কেন্দ্ৰৰ ধাৰৰ পৰিমান আছিল ৭০ লাখ ৭ হাজাৰ ২৫৯ কৌটি টকা ৷ তাৰ পাছৰ বছৰ ধাৰৰ পৰিমান হ’লগৈ ৭৪ লাখ ৫৩ হাজাৰ ৩৫ কৌটি টকা ৷ তাৰ পাছত এতিয়া এই ঋণৰ পৰিমান বৃদ্ধি হৈছে ১৯৭ লাখ কৌটি টকালৈ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.