ৰবি শাস্ত্ৰীৰ বিদায় নিশ্চিত , কোন হ’ব নতুন প্ৰশিক্ষক ?

Share This Article

ভাৰতীয় ক্ৰিকেটৰ এটা ডাঙৰ খবৰ ৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ বিদায় আসন্ন হৈ পৰিছে ৷ অহা অক্টোবৰ – নবেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পাছতে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ সম্ভাৱণা প্ৰবল হৈ পৰিছে ৷ শাস্ত্ৰীৰ লগতে বলিঙ প্ৰশিক্ষক ভৰত অৰুণ , ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰ আৰু বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোড়েও বিদায় ল’ব পাৰে ৷ মুলত: ৰবি শাস্ত্ৰীৰ প্ৰশিক্ষণৰ সময়ছোৱাত ভাৰতে এটাও আই চি চি ট্ৰফী জয় কৰিব নোৱাৰা বাবেই দলটোত এনে বৃহৎ পৰিৱৰ্তনৰ পোষকতা কৰা হৈছে ৷ নবেম্বৰ মাহত ৰবি শাস্ত্ৰীসহ আটাইকেইগৰাকী প্ৰশিক্ষকৰ কাৰ্যকালৰ অন্ত পৰিব ৷ তাৰ পাছত নতুন কাৰ্যকালৰ বাবে বি চি চি আয়ে নতুন প্ৰশিক্ষক নিযুক্তি দিয়াৰ যো-জা চলাইছে ৷

কোন হ’ব নতুন প্ৰশিক্ষক ?

ভাৰতীয় দলৰ প্ৰাক্তণ অধিনায়ক ৰাহুল দ্ৰাবিড় ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়ক হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷১৯ বছৰ বয়সৰ অনুৰ্ধৰ দলৰ প্ৰশিক্ষক হিচাপে দ্ৰাবিড়ে দেখুওৱা সফলতাৰ বাবে তেওক নতুন দায়িত্ব দিয়া হ’ব ৷শেহতীয়া শ্ৰীলংকা ভ্ৰমণৰ সময়ত তেওক ভাৰতীয় মূল দলৰ প্ৰশিক্ষকৰ ভূমিকাত দেখা গৈছিল ৷ শ্ৰীলংকাৰ সৈতে অনুষ্ঠিত হোৱা এদিনীয়া চিৰিজত ভাৰতে জয়লাভ কৰিবলৈও সক্ষম হৈছিল ৷ইতিমধ্যে নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকালৰ অন্ত পৰিছে ৷ ইয়াৰ পাছত ভাৰতীয় সলৰ প্ৰশিক্ষকৰ ৰূপত দেখা যাব পাৰে দ্য ৱাল খ্যাত এইগৰাকী প্ৰাক্তণ অধিনায়কক ৷

ৰাহুল দ্ৰাবিড়
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.