সদনত প্ৰতিবাদমুখৰ বিৰোধী , অধ্যক্ষই কি ক’লে ?

Share This Article

পেগাছাছ কাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে ৷ মঙলবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন সদনতে বিৰোধী পক্ষই প্ৰতিবাদ আৰম্ভ কৰে ৷এনে প্ৰতিবাদত অসন্তুষ্ট হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে সদস্যসকলৰ এনে ব্যৱহাৰ সংসদৰ মৰ্যদাৰ পৰিপন্থী ৷ পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰিৰ বাহিৰেও কৃষক আন্দোলনকলৈও সৰৱ হৈ আহিছে বিৰোধী পক্ষ ৷ বৰ্ষাকালীন অধিৱেশনৰ প্ৰতিটো দিনতেই প্ৰতিবাদমুখৰ হৈ আহিছে বিৰোধী দলসমূহ ৷ আজিও লোকসভা আৰু ৰাজ্যসভাত তাৰ পুণৰাবৃত্তি ঘটিল ৷সদন আৰম্ভ হোৱাৰ লগে লগে বিৰোধী সাংসদসকলে অধ্যক্ষৰ আসনৰ ওচৰলৈ আহি প্ৰতিবাদ আৰম্ভ কৰাৰ লগতে পোষ্টাৰো প্ৰদৰ্শন কৰে ৷  ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা সদনৰ কাম কাজ বিৰোধীৰ প্ৰতিবাদৰ বাবে স্তব্ধ হৈ পৰিছে ৷ইয়াৰ লগে লগে পেগাছাছ আৰু কৃষক আন্দোলনৰ ইছ্যুত দেশৰ বিৰোধী দলসমূহো একগোট হোৱা পৰিলক্ষিত হৈছে ৷ইফালে , জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে কয় যে পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে উত্তৰ দিব পাৰে ৷ কিন্তু তেও নিশ্চুপ হৈ আছে ৷আজি সদন আৰম্ভ হোৱাৰ পূৰ্বে বিজেপিৰ সংসদীয় দলৰ বৈঠকো অনুষ্ঠিত হয় ৷ বিৰোধীৰ ধাৰাবাহিক আক্ৰমণ সন্দৰ্ভত এই বৈঠকতে ৰণকৌশল যুগুতোৱা হয় ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.