অলিম্পিকৰ পদক বিজয়ীক লৈ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা কিয় ?

Share This Article

কেন্দ্ৰৰ পৰা ৰাজ্যলৈ সকলোতে এতিয়া চলিছে ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতা ৷ লাভলীনা বৰগোঁহাইক শুভেচ্ছা জনাবলৈ অসমৰ বাটে ঘাটে আঁৰি দিয়া হৈছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হোৰ্ডিঙ ৷ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱা হোৰ্ডিঙত নাছিল লাভলীনাৰ ফটো ৷ তাৰ সলনি জিলিকি আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰাৰ ফটো ৷ চৰকাৰৰ এই কাণ্ডক লৈ সামাজিক মাধ্যমত ব্যাপক সমালোচনা হোৱাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই হোৰ্ডিঙসমূহ আঁতৰাই পেলোৱা হৈছিল ৷ কিন্তু কোন চৰকাৰী বিভাগে লাভলীনাক শুভেচ্ছা জনোৱাৰ নামত এই নাভুত নাশ্ৰুত কাণ্ড সংঘটিত কৰিছিল , সেই তথ্য এতিয়াও ৰাজহুৱা নকৰিলে ৰাজ্য চৰকাৰখনে ৷ আনকি লোকচক্ষুত মুখ্যমন্ত্ৰীক লজ্জানত কৰা চৰকাৰী বিষয়াৰ বিৰুদ্ধেও কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ তাৰ সলনি চৰকাৰক প্ৰশ্ন কৰাৰ অপৰাধত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধেহে গোচৰ ৰুজু কৰা হ’ল ৷ কিন্তু বিজেপি  চৰকাৰৰ ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতাৰ ইমানতো অন্ত নপৰিল ৷ এইবাৰ ফটো প্ৰদৰ্শনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিগত সপ্তাহত দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা হকীৰ যাদুকৰ ধ্যানচাঁদৰ নামেৰে নামাকৰণ কৰাৰ পাছত টুইটাৰত প্ৰচাৰ কৰা হৈছিল এখন বিশেষ ফটো ৷ য’ত এটা কোনত সৰুকৈ ৰখা হৈছিল ধ্যানচাঁদৰ ফটোখন ৷ তাক লৈও সামাজিক মাধ্যমত হাঁহিয়াতৰ পাত্ৰ হয় প্ৰধানমন্ত্ৰীগৰাকী ৷ তাৰ এক সপ্তাহত পাছতে একেই ঘটনাৰ পুণৰাবৃত্তি ঘটিল ৷ সোমবাৰে টকিঅ’ অলিম্পিকৰ পদক বিজয়ী খেলুৱৈসকলক সম্বৰ্ধনাৰ বাবে আয়োজন কৰা হৈছিল চৰকাৰী অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত মঞ্চত লগোৱা বেনাৰত দেখা গ’ল প্ৰধানমন্ত্ৰী মোদীৰ এখন বৃহৎ ফটো ৷ তাৰ তুলনাত সৰু সৰু বৃত্তত চিনিব নোৱাৰাকৈ লগোৱা হ’ল সাত গৰাকী পদক বিজয়ী ক্ৰীড়াবিদৰ ফটো ৷ এই ফটো প্ৰচাৰ হোৱাৰ লগে লগে পুণৰ সৃষ্টি হ’ল নতুন বিতৰ্কৰ ৷লগে লগে সামাজিক মাধ্যমত আকৌ প্ৰশ্ন উঠিল – মেডেল আচলতে জিকিলে কোনে ? নীৰজ চোপ্ৰা , মীৰাবাঈ চানু , পি ভি সিন্ধুহঁতে ? নে তেও ?

বিতৰ্ক কেৱল ইমানতেই সীমাবদ্ধ হৈ থকা নাই ৷ অলিম্পিকৰ পদক বিজয়ী একাধিক খেলুৱৈৰ পুৰণি কেতবোৰ টুইটেও অস্বস্তিত পেলাইছে বিজেপি চৰকাৰক ৷ ২০১৯ চনৰ জুন মাহত কৰা এক টুইটত ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক বিজয়ী বজৰং পুণিয়াই মনত পেলাই দিছিল ২০১৮ চনত এছিয়ান গেমছত পদক লাভ কৰাৰ পাছত হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজে ঘোষণা কৰা ৩ কৌটি টকাৰ পুৰষ্কাৰৰ কথা ৷ বজৰং পুণিয়াই প্ৰশ্ন কৰিছিল –“যদি আপোনালোকে কথা দি ৰাখিবই নোৱাৰে তেনেহ’লে ভৱিষ্যতে খেলুৱৈসকলে কি প্ৰত্যাশা কৰিব পাৰে ?” বজৰং পুণিয়াৰ এই টুইটৰ পাছত ৰি টুইট কৰি অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই কৈছিল – “কথা ৰাখক ৷ যাতে আমি টকাৰ চিন্তা এৰি অলিম্পিকৰ প্ৰস্তুতিত মন দিব পাৰো ৷”এইবাৰ অলিম্পিকৰ পদক জয়ৰ পাছত হাৰিয়ানা চৰকাৰে আকৌ নীৰজক ৬ কৌটি আৰু বজৰঙক ২ কৌটি ৫০ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে ৷কেৱল হাৰিয়ানা চৰকাৰেই নহয় , অলিম্পিকৰ পদক বিজয়ী খেলুৱৈসকলৰ সফলতাত নিজৰ কৃতিত্বৰ ভাগ বহুৱাবলৈ জপিয়াই পৰিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ ৷ তাৰ আলম লৈয়ে ৰাজনীতিকসকল নামি পৰিছে নিজৰ আত্মপ্ৰচাৰত ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সকলো ফটো প্ৰদৰ্শনৰ প্ৰতিযোগিতাত নামি পৰাৰ পাছত সামাজিক মাধ্যমত এতিয়া সমালোচনাৰ জোৱাৰ উঠিছে ৷কিন্তু তাৰ পাছতো কোনো খেদ নাই চৰকাৰৰ ৷ অলিম্পিকত দেশৰ নাম উজলোৱা খেলুৱৈসকলতকৈ নিজৰ ফটো প্ৰচাৰৰ বাবেহে অধিক আগ্ৰহী আমাৰ ৰাজনীতিকসকল ৷

 

 

 

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.