দলিত খেলুৱৈৰ বাবে হকীত হাৰিল ভাৰত : কি প্ৰত্যুত্তৰ দিলে বন্দনাই ?

Share This Article

মানসিক সংকীৰ্ণতা আৰু জাতি-ধৰ্মৰ গোড়ামিয়ে একবিংশ শতিকাতো কিদৰে ভাৰতীয় সমাজক আচ্ছন্ন কৰি ৰাখিছে তাৰ প্ৰমান বাৰম্বাৰ পোহৰলৈ আহিছে ৷অলিম্পিকত পদক জয়ৰ পাছত ভাৰতীয় সমাজ ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই আৰু পি ভি সিন্ধুৰ ধৰ্ম – জাতিৰ অনুসন্ধান কৰাত ৷ তাতকৈও আৰু তললৈ নামিল এইখন দেশৰ একাংশ নাগৰিক ৷ অলিম্পিকত ভাৰতীয় মহিলা হকী দলৰ পৰাজয়ৰ বাবে একাংশ লোকে দোষ ঠেলিছে দলিত পৰিয়ালৰ পৰা অহা মহিলা হকী খেলুৱৈসকললৈ ৷ বুধবাৰে ভাৰত আৰু আৰ্জেন্টিনাৰ মাজত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ হকী মেচ ৷ এই খেলখনত পৰাজিত হয় ভাৰতীয় দলটো ৷তাৰ পাছতে হৰিদ্বাৰৰ পৰা অহা হকী খেলুৱৈ বন্দনা কাটাৰিয়াৰ ঘৰৰ সন্মুখত উপস্থিত হয় এদল মানুহৰূপী দানৱ ৷ তেওলোকে দলিত পৰিয়ালৰ ছোৱালীক খেলিব দিয়া বাবেই ভাৰত পৰাজিত হ’ল বুলি মন্তব্য কৰে আৰু বন্দনাৰ পৰিয়ালৰ জাতিগত পৰিচয়ক লৈ অশ্ৰাব্য গালি গালাজ কৰে ৷ এই ঘটনাই কু-সংস্কাৰত ভাৰতীয় সমাজ কিমানদূৰ পোত খাই আছে , তাকেই উদঙাই দিছে ৷

বন্দনাই কিদৰে প্ৰত্যুত্তৰ দিলে ?

হৰিদ্বাৰত থকা নিজৰ পৰিয়াল চৰম অপমানিত হোৱাৰ পাছতো বিচলিত হোৱা নাই বন্দনা কাটাৰিয়া ৷ ২৬ বছৰীয়া খেলুৱৈগৰাকীয়ে আজি গ্ৰেট ব্ৰিটেইনৰ লগত অনুষ্ঠিত মেচখনতো দেশৰ হৈ এটা গ’ল স্ক’ৰ কৰে ৷ ইয়াৰ পাছতে দুৰ্ভাগ্যজনক ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বন্দনাই কয় , “ আমি দেশৰ বাবে খেলিছো ৷ দেশৰ বাবে সকলো এক হোৱা উচিত , মানে সকলো ক্ষেত্ৰতে ৷” দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত তেও লগতে কয় যে যিবিলাক ঘটি আছে , সেইবিলাক হোৱা উচিত নহয় ৷ জাতিগত পৰিচয়ক লৈ গালি গালাজ কৰা উচিত নহয় ৷ অলপ –অচৰপ এই বিষয়ে শুনিছো ৷ কিন্তু তেনে কাম কোনো কাৰণতে কৰিব নালাগে ৷

কি শাস্তি হ’ল অভিযুক্তৰ ?

বন্দনা কাটাৰিয়াৰ পৰিয়ালৰ জাতিগত পৰিচয়ক লৈ গালি গালাজ কৰা দুজন অভিযুক্তক আৰক্ষীয়ে কৰায়ত্ত কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ বন্দনাৰ ভাতৃ চন্দ্ৰশেখৰ কাটাৰিয়াৰ  অভিযোগৰ ভিত্তিত উত্তৰাখণ্ডৰ হৰিদ্বাৰ জিলাৰ আৰক্ষীয়ে তেওলোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত অভিযুক্ত দুজন হৈছে অংকুৰ আৰু বিজয় পাল ৷ তেওলোকৰ বাহিৰেও সুমিত চৌহান নামৰ আন এজন অভিযুক্তৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.