ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

Share This Article

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৷ নৱনিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী গৰাকী সন্দৰ্ভত বহু বিস্ফোৰক অভিযোগ তুলি বৰাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ এই পত্ৰত উল্লেখ কৰা অনুসৰি , পশ্চিমবংগৰ কোচবিহাৰ লোকসভা সমষ্টিৰ সাংসদ নিশিথ প্ৰামাণিক চৰকাৰী নথি অনুসৰি কোচবিহাৰ জিলাৰ দিনহাটৰ বাসিন্দা ৷ কিন্তু তেওৰ প্ৰকৃত ঠিকনা হ’ল – বাংলাদেশৰ গাইবান্ধা জিলাৰ পলাশবাৰী থানাৰ অধীনৰ হৰিনাথপুৰ গাও ৷ স্কুলীয়া শিক্ষা বাংলাদেশত গ্ৰহণ কৰাৰ পাছত তেও কম্পিউটাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ পশ্চিমবংগলৈ আহিছিল ৷ তাৰ পাছৰে পৰা কোচবিহাৰত থাকিবলৈ লয় আৰু প্ৰথমতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত বিজেপিত যোগ দি জাল নথি পত্ৰৰে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰে ৷ কেৱল সেয়াই নহয় , ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেও কোচবিহাৰ সমষ্টিৰ সাংসদ হিচাপে বিজয়ী হ’বলৈ সক্ষম হয় ৷ আনকি নিশিথ প্ৰামাণিকে ভাৰতৰ গৃহমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পাছত বাংলাদেশত থকা তেওৰ জ্যেষ্ঠ ভাতৃয়ে সংবাদ মাধ্যমত দিয়া মন্তব্যৰ কথাও ৰিপুণ বৰাই পত্ৰখনত উল্লেখ কৰে ৷ দেশৰ গৃহবিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবীত এজন বিদেশী নাগৰিক থকাতো নিৰাপত্তাৰ বাবে ভাবুকি বুলি উল্লেখ কৰি বৰাই ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ৷

এই বিষয়টোক লৈ তৃণমূল কংগ্ৰেছেও উদ্বিগ্নতা ব্যক্ত কৰিছে ৷ ইয়াৰ বিপৰীতে পশ্চিমবংগ বিজেপিৰ সাধাৰণ সম্পাদক সায়ন্তন বসুয়ে কয় যে নিশিথ হিন্দু ৷ বিজেপিৰ মতে সকলো হিন্দুয়ে ভাৰতীয় ৷ সি যি কি নহওক , ৰিপুণ বৰাৰ এই পত্ৰই এতিয়া দেশজুৰি ব্যাপক চৰ্চালাভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.