Investigative reporting with dedication.

ৰিজৰ্ট পলিটিক্স।নিৰ্বাচিত প্ৰতিনিধিক নজৰ বন্দীত ৰখাৰ এক উপায়।নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কোনো এটা দলৰ বিজয়ী প্ৰাৰ্থীক অন্য দলে ক্ৰয় কৰি নিয়াৰ সম্ভৱনা থাকে।কেতিয়াবা মিত্ৰদলৰ বিজয়ী প্ৰাৰ্থীও আন দলৰ ওচৰত বিক্ৰী হৈ যাব পাৰে।তেনে সম্ভাৱনাৰ পৰা ৰৈ ৰক্ষা পাবলৈ চৰকাৰ গঠন নোহোৱা পৰ্যন্ত কোনো হোটেল বা অন্য স্থানত বিজয়ী প্ৰাৰ্থী সকলক বন্দী কৰি ৰাখে চৰকাৰ গঠনৰ মূল দাবীদাৰ দলৰ নেতৃত্বই।ইয়াকেই জনা যায় ৰিজৰ্ট পলিটিক্স বুলি।
প্ৰাপ্ত খবৰ অনুসৰি হাগ্ৰামা মহিলাৰীয়ে ক্ৰয় কৰাৰ শংকাত গুৱাহাটীৰ হোটেল লিলিত নজৰ বন্দীত ৰখা হৈছে BJP,UPPL আৰু GSP ৰ বিজয়ী ২১ প্ৰতিনিধিক।অৰ্থাৎ অসমতো আৰম্ভ হৈ গল ৰিজৰ্ট পলিটিক্স।

