ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

Share This Article

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ পিছত আজি টুইটাৰ যোগে হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি পোৱা ১০ মান বজাত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত ৰাজ্যৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়ত কথা বতৰা হয়।

ইয়াৰ পূৰ্বেও অমিত শ্বাহ ডাঙৰীয়া কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ ফলত এইমচত ভৰ্তি হওঁতে হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলফোনিক বাৰ্তালাপ হোৱাৰ কথা হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটাৰ যুগে জনাইছিল। এইখিনিতে উল্লেখযোগ্য যে দেশৰ গৃহ মন্ত্ৰীয়ে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিষয় সমূহক লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰিবৰ্তে হিমন্ত বিশ্ব শৰ্মাক লগত হে আলোচনা কৰা কথাই ৰাজনৈতিক মহলত কৌতুহল সৃষ্টি কৰিছে।

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau