সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

Share This Article

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ বৰ্ষাকালীন অধিবেশনত প্ৰশ্ন কাল নাথাকিব বুলি কালি শাসকীয় দলটোৱে ঘোষণা কৰিছে।

ইয়াৰ পিছতে বিৰোধীয়ে শাসকীয় বিজেপিয়ে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে স্বাধীনোত্তৰ ভাৰতত এইয়ে প্ৰথমবাৰলৈ বিৰোধীয়ে সাংসদত প্ৰশ্ন উৎসাপন কৰাৰ অধিকাৰ হেৰুৱাব।

এই সংক্ৰান্তত কংগ্ৰেছ সাংসদ শশী থৰুৰে টুইট কৰি কয়, “মই চাৰি মাহৰ আগতে কৈছিলো, শক্তিশালী নেতাই মহামাৰীক গণতন্ত্ৰ শেষ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। অধিবেশনৰ এই নটিফিকেচনত কোৱা হৈছে যে এই অধিবেশনত প্ৰশ্নকাল নাথাকিব। আমাক সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত এইটো কিমান গ্রহণযোগ্য? গণতন্ত্ৰত চৰকাৰক প্ৰশ্ন কৰাটো অক্সিজেনৰ নিচিনা, কিন্তু চৰকাৰে সংসদক এখন নটিচ বৰ্ডলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে আৰু নিজৰ সংখ্যাগৰিষ্ঠতাক ৰবৰ ষ্টাম্পৰ দৰে ব্যৱহাৰ কৰিব বিচাৰিছে। যাৰ জৰিয়তে চৰকাৰক জবাবদিহি কৰা হয়, তাক একাষৰীয়া কৰা হৈছে।”

কৰোনা মহামৰীৰ ফলত হোৱা লকডাউনৰ ফলত সমগ্ৰ দেশ জুৰি যি স্তবিৰতা আহি পৰিছিল তাৰ পিছত এয়ে প্ৰথমবাৰলৈ সাংসদৰ অধিবেশন আৰম্ভ হৈছে। গতিকে এই অধিবেশনত কৰোনা মহামাৰী সংক্ৰমণ প্ৰতিৰোধ, নিম্নগামী GDP কে আৰম্ভ কৰি লাডাখ সীমান্তত চলি থকা সামৰিক উত্তেজনা আদি গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধীয়ে চৰকাৰক জবাবদিহি কৰাৰ সম্ভাৱনা আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.