অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গে আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ সাহায্য

Share This Article

‘কা’ আন্দোলনৰ বন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ আইনী যুঁজৰ বাবে জুবিন গাৰ্গৰ “কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন”ৰ ৫০,০০০ (পঞ্চাছ হাজাৰ) টকাৰ অৰ্থ সাহাৰ্য্য প্ৰদান। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুজঁ চলাবলৈ যোৱা ১৩ আগষ্টৰ পৰা কৃষক মুক্তিয়ে অসমৰ জনগণৰ পৰা আৰ্থিক সাহায্য সংগ্ৰহ কৰিছিল। যোৱা কালি সংগঠনটোৰ নেতা ভাস্ক’ ডি শইকীয়াই সংবাদ মাধ্যমক জনোৱা মতে এই পৰ্যন্ত অখিল গগৈৰ আইনী যুজঁ চলাবলৈ সংগঠটোৱে সংগ্ৰহ কৰা আৰ্থিক সাহায্য হৈছে মুঠ ২২,২৫,১৪১ টকা। অৱশ্যে এই ধন তেওঁলোকে ন্যায়ালয়ত যুঁজ কৰাৰ বাবে যথেষ্ট নহয় বুলি সদৰি কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

অহা সপ্তাহৰ পৰাই অখিল গগৈৰ হৈ দুগৰাকীকৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই NIA-ৰ আদালতত যুঁজ কৰাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত ইতিমধ্যে অধিবক্তাৰ সৈতে আলোচনাত বহিছে। অৱশ্যে কোনদিনাৰ পৰা ন্যায়ালয়ত যুঁজ আৰম্ভ হ’ব সেই তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.