অহা বছৰ মাৰ্চ মাহৰ ভিতৰত ৪ টা চৰকাৰী বেংক ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ পৰিকল্পনা মোডী চৰকাৰৰ

Share This Article

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকৰে ৪ তা চৰকাৰী বেংকক ব্যক্তিগতকৰণৰ কাম কাজ খৰতকীয়া কৰিছে। jansatta নামৰ নিউজ পৰ্টেলটোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি দেশৰ আগশাৰীৰ ৪ তা চৰকাৰী বেংকত চৰকাৰে নিজৰ অংশীদাৰত্ব বিক্ৰীৰ যো জা চলাইছে।

বাতৰিটোত উল্লেখ কৰা অনুসৰি এই বেংক ৪ তা হৈছে- পঞ্জাৱ এণ্ড সিন্ধ বেংক, বেংক অফ মহাৰাষ্ট্ৰ,ইউক’ বেংক আৰু আইডিবিআই বেংক।

জানিব পৰা মতে ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত চৰকাৰে এই বেংক সমূহত থকা নিজৰ অংশীদাৰত্ব বিক্ৰী কৰিব বিচাৰে। কৰ সংগ্ৰহ কমি অহাৰ ফলতে এই বেংক সমূহ চলোৱাত চৰকাৰ কঠিনতাৰ সন্মুখীন হৈছে।

নিউজ পৰ্টেলটোৱে উল্লেখ কৰা অনুসৰি চৰকাৰে দেশত কেৱল মাত্ৰ ৪ ৰ পৰা ৫ তা চৰকাৰী বেংক থকাটোহে বিচাৰে। বর্তমান ভাৰতত মুঠ চৰকাৰী বেংকৰ সংখ্যা ১২ টা।

অৱশ্যে এই ক্ষেত্ৰত চৰকাৰী মহলত এতিয়াও চর্চা অব্যাহত আছে। কিছু সংখ্যকৰ মতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পূৰ্বে এই বেংক সমূহক পুনৰগঠন কৰি বেংক সমূহৰ লোকচানৰ হাৰ কম কৰিব লাগে। ইতিমধ্যে এই চৰকাৰী বেংক সমূহ বৰ্ধিত এন পি এ(ন’ন পাৰ্ফ’মিং এছেট) ৰ কবলত পৰি যথেষ্ট লোকচানৰ সন্মুখীন হৈছে।

FEATURED PHOTO COURTESY: SWARAJYA MAGAZINE

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.