PM CARES পুঁজিক লৈ মোডী চৰকাৰৰ কিয় ইমান লুকা-ভাকু?

Share This Article

PM CARES পুঁজিৰ বিতৰ্কই লগ নেৰা হৈছে কেন্দ্ৰৰ মোডী চৰকাৰক।শাসকীয় দলটো যিমানেই এই বিতৰ্কৰ পৰা আতঁৰিবলৈ চেষ্টা কৰিছে, সিমানেই নতুন নতুন তথ্যই প্ৰধানমন্ত্ৰীৰ এই বিশেষ পুঁজিক সন্দেহৰ অৱৰ্তত হে সুমুৱাই নিছে।

উল্লেখযোগ্য যে চৰকাৰে RTI আৰু CAG ৰ হিচাপৰ পৰা বাহিৰত ৰাখিব বিচৰা এই পুঁজিৰ ধন NDRF ত জমা কৰাৰ প্ৰয়োজন নাই বুলি আজি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে।

কিন্তু প্ৰশ্ন হয় দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা আৰু নিকা শাসনৰ কথা কোৱা মোডী চৰকাৰে কিয় এই পুঁজিৰ ক্ষেত্ৰত লুকা-ভাকু খেলাৰ যত্ন কৰিছে?

আচৰিতভাবে দুদিন মান আগলৈকে RTI ৰ পৰিসৰৰ পৰা বাহিৰত ৰখা এই পুঁজিৰ ৫ দিনৰ হিচাপ বৰ্তমান উপলব্ধ হৈছে চৰকাৰৰ PM CARES ৱেবচাইটত।

ৱেবছাইটটোৰ প্ৰশ্ন-উত্তৰ শিতানত PM CARES পুঁজিত কিমান টকা জমা হ’ল, ক’ত কিমান খৰছ হ’ল, সেই তথ্য প্ৰকাশ কৰা হৈছে।

ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি, ২০১৯-২০২০ বৰ্ষত অৰ্থাৎ মাৰ্চ মাহৰ ৩১ তাৰিখলৈ PM CARES পুঁজিত ৩০৭৬.৬২ কোটি টকা জমা হ’ল। বিদেশী মুদ্ৰাৰ জৰিয়তে জমা হোৱা টকাৰ পৰিমাণ হ’ল ৩৯.৬৮ লাখ।

এই ধনৰাশিৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৱেবছাইটত প্ৰকাশ পোৱা মতে ২০০০ কোটি খৰছ কৰি ভাৰতত তৈয়াৰ হোৱা ৫০,০০০ ভেন্টিলেটৰ দেশৰ চৰকাৰী চিকিৎসালয়ত প্ৰদান কৰা হ’ল। ১০০০ কোটি টকা প্ৰৱাসী শ্ৰমিকৰ ওপৰত খৰছ কৰা হ’ল।১০০ কোটি টকা ভেকচিন প্ৰস্তুত কৰিবলৈ প্ৰদান কৰা হ’ল।

কিন্ত সন্দেহৰ উদ্ৰেক কৰিছে ৱেবচাইটটোত উল্লেখ থকা PM CARES পুঁজিৰ হিচাপ অৰ্থাৎ অ’ডিতৰ দায়িত্ব অৰ্পণ কৰা প্ৰতিষ্ঠানটোকলৈ। CAG ৰ আওতাৰ পৰা আঁতৰত ৰখা PM CARE ৰ হিচাপ ৰাখিব বেচৰকাৰী M/s SARC & Associates, Chartered Accountants য়ে। এতিয়া গুগলত বিচাৰিলেই দেখিব যে এই বেচৰকাৰী প্ৰতিষ্ঠানটোৰ মালিক হৈছে সুনিল কুমাৰ গুপ্তা। জানিব পৰা মতে সুনিল কুমাৰ গুপ্তা বিজেপি-আৰ এছ এছৰ যথেষ্ট ঘনিষ্ঠ। ইতিমধ্যেই বিজেপিৰ বহু জ্যেষ্ঠ নেতা মন্ত্ৰীৰ লগত তেখেতৰ ফটো ছ’ছিয়েল মিডিয়াত সম্প্ৰচাৰিত হৈছে। তেনে এক প্ৰক্ষাপটত কি কাৰণত তেখেতৰ প্ৰতিষ্ঠানক PM CARE ৰ ধনৰ হিচাপৰ দায়িত্ব দয়া হ’ল ই এটা চিন্তনীয় বিষয়।

featured photo courtesy: The Wire

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.