Part 2 : ফেচবুক আৰু বিজেপিৰ মাজত সম্পৰ্ক কেনেকুৱা আৰু কিমান পুৰণি ?

Share This Article

যোৱা কালিৰ বিশ্ব বিখ্যাত ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৰিপোৰ্টত ফেচবুক আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজৰ বুজা বুজিৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে এতিয়া পোহৰলৈ আহিছে আৰু এনে বহুতো তথ্য যি ছ’ছিয়েল মিডিয়া প্লেটফৰ্মটো আৰু শাসকীয় দলটোৰ মাজৰ এক দীঘলীয়া সু-সম্পর্কৰ ছবি দাঙি ধৰিছে।

Scroll.in নামৰ নিউজ পৰ্টেল টোৱে প্ৰকাশ কৰা এক বাতৰি অনুসৰি ফেচবুক আৰু বিজেপিৰ মাজৰ এই সম্পৰ্ক বহু পুৰণি আৰু বহুতো আন্তৰাষ্ট্ৰীয় বাতৰি সংস্থানে সময়ে এই বিষয়ত বাতৰি পৰিবেশন কৰি আহিছে।

Bloomsberg নামৰ আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থান এটাৰ ২০১৭ চনৰ এক বাতৰি অনুসৰি ফেচবুকে কোম্পানীটোৰ ফেচবুক গ্লোবেল গভর্নমেণ্ট আৰু পলিটিক্স টিমৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশৰ ৰাজনৈতিক নেতাক ক্ষমতালৈ অনাত বিভিন্ন ধৰণে তেওঁলোকৰ এই ছ’ছিয়েল মোদীয়া প্লেটফৰ্মৰ যোগেদি সহায় কৰি আহিছে।ৰিপোৰ্টতোৰ মতে ভাৰতৰ পৰা ব্ৰাজিল আৰু জাৰ্মানী, ইউনাইটেড কিংদম পৰ্যন্ত বিভিন্ন দেশত ফেচবুকৰ কৰ্মচাৰী সকলে এই ৰাজনৈতিক নেতা সকলৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদীৰ অনলাইন উপস্থিতিৰ ক্ষেত্ৰতো ফেচবুকৰ অৰিহণা অপৰিসীম।

২০১৬ চনত লণ্ডনৰ Guardian নিউজ পেপাৰত প্ৰকাশিত এক বাতৰিত ফেচবুকৰ ভাৰত বিভাগৰ পাব্লিক পলিচিৰ শীৰ্ষ বিষয়া আঁখি দাসৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ লগত থকা ঘনিষ্ঠতা বিষয়ে বিশদ ভাবে লিখা হৈছে। এই আঁখি দাসৰ বিৰুদ্ধেই যোৱা কালিৰ ৱাল ষ্ট্ৰীট জাৰ্নেলৰ ৰেপৰ্টত বিজেপিৰ ঘৃণা বিয়পোৱা নেতা সকলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছিল।

Scroll.in ৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি ২০১৮ চনত Caravan মেগাজিনে যেতিয়া অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ দুৰ্নীতিৰ ওপৰত এটা ৰিপোৰ্ট প্ৰকাশ কৰিছিলে, ফেচবুকে সেই ৰিপোৰ্ট তেওঁলোকৰ প্লেটফৰ্মত প্ৰচাৰ কৰিবলৈ দিয়া নাছিল।

ইয়াৰ উপৰিয়ো newsclick নামৰ সংবাদ গোষ্ঠীৰ এক ইনৱেষ্টিগতিভ ৰিপোৰ্টত ফেচবুকৰ ভাৰত বিভাগৰ বহুতো শীৰ্ষ পৰ্যায়ৰ কৰ্মচাৰীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত পূৰ্বতে কাম কৰা আৰু বৰ্তমানেও থকা ঘনিষ্ঠ সম্পৰ্কৰ তথ্য ফাদিল হৈছিল।

Featured photo courtesy: DNA India

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.