আজি কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডীয়ে কি ক’লে?

Share This Article

কৰ ব্যবস্থাৰ সংস্কাৰৰ বাবে প্ৰধান মন্ত্ৰীয়ে আজি লঞ্চ কৰে এখন নতুন প্লেটফৰ্মৰ। ‘ট্ৰান্সপাৰেণ্ট টেক্সেশ্যন- অনাৰিং দ্যা অনেষ্ট (Transparent Taxation– Honoring the Honest)’ নামৰ এই প্লেটফৰ্ম খনৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান।

প্লেটফৰ্মটো লঞ্চ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কৰ ব্যৱস্থাৰ স্বচ্ছতা খুবেই জৰুৰী। আজি আমি এখন নতুন প্লেটফৰ্ম লঞ্চ কৰিছো। আজিৰ পৰা এটা নতুন যাত্ৰা আৰম্ভ হ’ব। য’ত মিনিমাম গভাৰ্নমেণ্ট, মেক্সিমাম গভাৰ্নেন্স- আমাৰ প্ৰতিশ্ৰুতি আৰু মজবুত হ’ব। দেশৰ নাগৰিকৰ জীৱনত কমিব চৰকাৰী হস্তক্ষেপ।’

নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১৩০ কোটি জনসংখ্যাৰ দেশ এখনত কৰদাতা সংখ্যা বহু কম অৰ্থাৎ মাত্ৰ ১.৫ কোটিহে বুলি কয়।

ইয়াৰ পৰৱৰ্তী প্ৰত্যক্ষ কৰ সংস্কাৰৰ ক্ষেত্ৰত টেক্সপেয়াৰ চাৰ্টাৰ আৰু ফেচলেচ আছেছমেণ্ট প্ৰযোজ্য হ’ব।

ফেচলেচ আছেছমেণ্ট যি অহা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব তাৰ জৰিয়তে কোনো লোক কৰৰ অফিচ অথবা কোনো অফিচাৰক লগ নকৰাকৈয়ে কৰৰ কাম সমূহ সমাধান কৰিব পাৰিব।

বৰ্তমান সময়ত স্থানীয় কৰ অফিছে কৰদাতাৰ পৰীক্ষণ, আপীল আৰু নটিছ পঠিওৱা আদি কামবোৰ কৰে।

কিন্তু অতিশীঘ্ৰে এই সমগ্ৰ ব্যৱস্থা এটা কেন্দ্ৰীয় কম্পিউটাৰে নিৰীক্ষণ কৰিব।পৰীক্ষণ অথবা অন্যান্য কামবোৰ সেই কম্পিউটাৰৰ যোগেদি সম্পন্ন হব। ইয়াৰ লগতে কৰৰ নটিছ আদি কামবোৰো ইলেক্ট্ৰনিক মধ্যেমেৰেই সম্পন্ন হ’ব

এই প্লেটফৰ্ম তিনিটা মুখ্য বৈশিষ্ট হব ফেচলেচ আছেছমেণ্ট, ফেচলেচ আপীল আৰু টেক্সপেয়াৰছ চাৰ্টাৰ। এই প্লেটফিৰ্মৰ যোগেদি নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কয় যে কৰ ব্যৱস্থা জনগণ কেন্দ্ৰিক আৰু জনগণৰ বন্ধুত্বপূৰ্ণ হিচাপে গঢ়ি উঠাত সহায় কৰিব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.