কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ ৩ জন নিহত

Share This Article

কেৰেলাৰ কালিকত বিমান বন্দৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা । কিছুসময় পূৰ্বে সংঘটিত হোৱা এই দুৰ্ঘটনাত এই পৰ্যন্ত ৩জন লোকৰ মৃত্যু হৈছে।দুর্ঘটনাত বিমানখন পৰিচালনা কৰা পাইলত জনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বিমান খন প্ৰতিকূল বতৰৰ বাবে অৱতৰণৰ সময়ত দুটা ভাগত ভাঙি চূৰ্ণ হৈ যায়।

ডুবাইৰ পৰা আহি থকা এয়াৰ ইণ্ডিয়াৰ প্লেন খনত প্ৰায় ১৯০ জন যাত্ৰী আছিল।কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী কে কে চেইলেজাই সংবাদ মাধ্যমক জনায় যে আহত সকলক ইতিমধ্যে চিকিৎসাৰ বাবে কালিকত আৰু মাল্লাপুৰমৰ চৰকাৰী হস্পাতাললৈ স্থানান্তৰ কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.