অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা কোম্পেনীটো ৷ জলসিঞ্চন বিভাগৰ মুঠ ৬ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে ঠিকা দিয়া হৈছিল মুম্বাইৰ এপটেক নামৰ কোম্পেনীটোক ৷ কিন্তু এপটেক নিজেই এটা দাগী কোম্পেনী ৷পূৰ্বতে উত্তৰ প্ৰদেশৰ শক্তি বিভাগৰ নিযুক্তি পৰীক্ষাত সংঘটিত বেমেজালিৰ বাবে এপটেকক ব্লেকলিষ্টেড কৰা হৈছিল ৷ কিন্তু এই বিতৰ্কিত কোম্পেনীটোকে অসমত ৰঙা দলিছা পাৰি দিলে অসম চৰকাৰৰ জলসিঞ্চন বিভাগে ৷ তাৰ পাছৰে পৰা অভিযোগৰ পাছত অভিযোগ উঠিবলৈ ধৰিলে ৷ অভিযোগ উঠিল যে বিভাগটোত নিযুক্তিৰ নামত আচলতে এপটেকৰ জৰিয়তে চাকৰিৰ নিলামহে হৈছে ৷ এপটেকৰ বিৰুদ্ধে উঠা অভিযোগ গৈ আদালতৰ মজিয়া পালেগৈ ৷ তাৰ মাজতে ৩ শতাধিক পদৰ নিযুক্তি পৰীক্ষা চৰম বেমেজালিৰ মাজেৰে অনুষ্ঠিত হৈ গ’ল ৷ আন্ত:গাঁথনি নোহোৱা কোম্পেনীটোক ঠিকা দিয়াৰ অভিযোগে নিৱনুৱা সকলৰ মাজত সৃ্ষ্টি কৰিলে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ পৰিণতিত আজিও নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হোৱা নাই ৷ আন খালী পদসমূহৰ বাবে পৰীক্ষাই অনুষ্ঠিত কৰিব পৰা নাই এপটেকে ৷ বিতৰ্ক চলি থকাৰ মাজতে আদালতৰ মজিয়াত বিষয়টোৱে ল’লে নতুন মোৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এপটেক নামৰ কোম্পেনীটোৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিছিল যে তেওঁলোক আচলতে ব্লেকলিষ্টেড কোম্পেনী হয়নে ? উত্তৰত এপটেকে স্পষ্ট ভাষাৰে উত্তৰ দিলে যে তেওঁলোকক পূৰ্বে ব্লেকলিষ্টেড কৰা হৈছিল ৷ ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত এনে এটা কোম্পেনীক নিযুক্তি পৰীক্ষাৰ দায়িত্ব দিলে জনসাধাৰণে সেয়া কিমানদূৰ বিশ্বাসত ল’ব ,তাক লৈও আশংকা ব্যক্ত কৰে ৷ কিন্তু তাৰ পাছতো জলসিঞ্চন বিভাগৰ অধিবক্তাই আত্মপক্ষৰ সমৰ্থনত ক’ব বিচাৰে যে এপটেক পূৰ্বে ব্লেকলিষ্টেড হোৱাৰ পাছতো আন বহু কেইটা বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল ৷ অহা ১০ আগষ্টত উক্ত গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ৷ এইদৰেই এটা ব্লেকলিষ্টেড কোম্পেনীক নিযুক্তিৰ ঠিকা দি ৰাজ্যৰ লাখ লাখ নিৱনুৱাক আশাহত কৰিছে জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ কিন্তু সুকলমে নিযুক্তি প্ৰদানত দেখুওৱা ব্যৰ্থতাই মন্ত্ৰীগৰাকীৰ বাবেও কঢ়িয়াই আনিছে আন এক বেয়া খবৰ ৷ দুৰ্নীতিৰ অভিযোগ উঠা ঘণিষ্ঠ বিষয়াক লাভজনক পদত নিযুক্তি দি ৰখা , জলসিঞ্চন বিভাগৰ আঁচনিৰ নিম্নমানৰ ৰূপায়ন ,তাৰ পাছত নিযুক্তি কেলেংকাৰিৰ অভিযোগে এতিয়া মন্ত্ৰী ভৱেশ কলিতাৰ বাবে এতিয়া বেয়া খবৰ কঢ়িয়াই আনিছে ৷ তেওঁ প্ৰতিদ্বন্দিতা কৰা ৰঙিয়া সমষ্টিত সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ভৱেশ কলিতাই প্ৰাৰ্থিত্ব লাভ কৰিবনে নাই সেয়াও এতিয়া অনিশ্চিত হৈ পৰিছে ৷ কাৰণ ,ৰঙিয়াত এইবাৰ চকু দিছে বিজেপিৰ এগৰাকী জেষ্ঠ্য নেতা তথা মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে ৷
ইয়াৰ পূৰ্বে তেওঁ পূৱ গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব লাভ বিচাৰিছিল যদিও মূৰকৰ প্ৰাৰ্থিত্ব লাভ কৰে দলটোৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ এই কথা সহজভাৱে মানি ল’ব পৰা নাছিল শান্তনু ভৰালীয়ে ৷ সেইবাবেই গোপনে তেওঁ পূৱ গুৱাহাটীত প্ৰাক্তন বিজেপি নেতা তথা এতিয়াৰ এল ডি পি নেতা প্ৰদ্যুত বৰাক ভট্টাচাৰ্যৰ বিৰুদ্ধে থিয় কৰাইছিল ৷ নিৰ্বাচনৰ সময়ত খোদ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ শিবিৰে এই অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পাছতো পূৱ গুৱাহাটীত শান্তনু ভৰালীয়ে কুচকাৱাজ চলাই আছে যদিও আশাৰ খবৰ এতিয়ালৈকে অহা নাই ৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰাৰ্থিত্ব কৰ্তন কৰাটো মুঠেও সহজসাধ্য নহ’ব ৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত থকা এক বিশেষ প্ৰভাৱ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অন্যতম মূল শক্তি৷ এই কথা নজনা নহয় মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীয়ে ৷ সেইবাবেই বিকল্প সমষ্টি হিচাপে তেওঁ নজৰ দিছে ৰঙিয়া সমষ্টিত ৷ লাহে লাহে বিজেপিত আৰম্ভ হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক ৰণত শান্তনু ভৰালীয়ে ভৱেশ কলিতাৰ বিৰুদ্ধে যোৱা সময়ছোৱাত উত্থাপন হোৱা অভিযোগ সমূহকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ মুখ্যমন্ত্ৰীৰ অতি ঘণিষ্ঠ ব্যক্তি হিচাপে তেওঁৰ আন বহু অগ্ৰাধিকাৰো থাকিব ৷ এতেকে ৰঙিয়াত এইবাৰ মুঠেও নিষ্কন্টক নহয় মন্ত্ৰী ভৱেশ কলিতা ৷ বিশেষকৈ নিযুক্তিক বিগত সময়ছোৱাত লৈ অহা ৰহস্যজনক ভূমিকাৰ বাবেই মন্ত্ৰীগৰাকীৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া প্ৰবল প্ৰত্যাহ্বানৰ মুখামুখি হৈছে ৷
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.