নেহেৰুৱে যি বাধা দিছিল আজি তাকে কৰিব নৰেন্দ্ৰ মোদীয়ে

Share This Article

চন ১৯৫১। দেশ বিভাজনৰ স্মৃতি জনগনৰ মাজত তেতিয়াও সজীৱ।নতুন দেশ আৰু এখন নতুন চৰকাৰৰ নেতৃত্বত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু।

কোন দিশে যাব নতুন ভাৰত? ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ভাৰত নে হিন্দু পুনৰজাগড়নবাদী ৰক্ষণশীল ভাৰত?

বিপাঙত পৰিছে নেহৰুও। ইতিমধ্যে উগ্ৰ হিন্দুত্ববাদীৰ হাতত মৃত্যু হৈছে মহাত্মা গান্ধীৰ।

ভাৰতক এখন ধৰ্মনিৰপেক্ষ আৰু প্ৰগতিশীল দেশ ৰূপে গঢ়ি তোলাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে পশ্চিমীয়া শিক্ষাৰে শিক্ষিত নেহৰু।

ঠিক এনে এক কঠিন সময়তে, সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে গুজৰাটৰ নৱ নিৰ্মিত সোমনাথ মন্দিৰৰ উদ্ধোধন কৰিবলৈ নিমন্ত্ৰণ লাভ কৰিলে।

খবৰ পাই নেহেৰুৱে ৰাজেন্দ্ৰ প্ৰসাদক এনে সিদ্ধান্ত নলবলৈ অনুৰোধ কৰি এখন পত্ৰ লিখিলে আৰু জনালে যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ মুৰব্বী ধৰ্মীয় অনুষ্ঠানলৈ যোৱাটো মুঠেই সঠিক নহয়।

কিন্তু নিজৰ ধৰ্মীয় ৰক্ষনশীল চিন্তা ধাৰাৰ বাবে পৰিচিত ৰাজেন্দ্ৰ প্ৰসাদে নেহৰুৰ এই অনুৰোধ প্ৰত্যাখ্যান কৰিলে আৰু সোমনাথ মন্দিৰৰ উদ্ধোধন কৰিলে।

ইয়াৰ লগে লগেই নেহেৰুৱে ৰাজ্য সমূহৰ মুখ্য মন্ত্ৰীলৈ এখন পত্ৰৰ যোগেদি অনুষ্ঠানটোৰ লগত যে চৰকাৰৰ কোনো সমন্ধ নাই এই কথা জনাই লিখিছিল যে আমি এনেকুৱা একো কাম কৰিব নালাগে যি দেশৰ ধৰ্ম নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে। ধৰ্মনিৰপেক্ষতা আমাৰ সংবিধান আৰু চৰকাৰৰ মূল কথা। গতিকে আমি এনে কোনো অনুষ্ঠানৰ লগত জড়িত হ’ব নালাগে যি ইয়াক অৱমাননা কৰে।

এইয়া আছিল ৫০ৰ দশকৰ ‘নতুন ভাৰত’ নিৰ্মাণৰ সময়।

কিন্তু আজিৰ ‘নতুন ভাৰত’ত আৰু কিছু সময়ৰ পাছত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্রমোদী ডাঙৰীয়াই খোদ নিজে শিলান্যাস কৰিব ‘ৰাম মন্দিৰৰ’।

৫০ৰ দশকৰ ‘নতুন ভাৰত’ আৰু আজিৰ ‘নতুন ভাৰত’ৰ মাজত দুৰত্ব হয়তো মাথোঁ এটা শব্দৰ- ধৰ্মনিৰপেক্ষতা।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.