শ্যামকানুৰ নৰ্থ ইষ্ট ফেষ্টিভেলঃ এপ্ৰিলৰ পৰাই যোগাযোগত ছিংগাপুৰ উচ্চায়ুক্ত-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়

Share This Article

অৰূপ কলিতা আৰু গৌতম প্ৰতিম গগৈৰ প্ৰতিবেদনঃ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰৰ ভাৰতৰ উচ্চায়ুক্ত৷ যি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা৷ বিগত এপ্ৰিল মাহৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে এই ফেষ্টিভেল সন্দৰ্ভত যোগাযোগত আছিল ছিংগাপুৰৰ হাই কমিছন৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাতসাৰেই যে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আয়োজন চলিছিল, সেই তথ্য সম্প্ৰতি পোহৰলৈ আহিছে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰ হাই কমিছনে বিগত ২৯ এপ্ৰিলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ছেপ্তেম্বৰ মাহত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত অৱগত কৰিছিল৷ লগতে এই বুলিও জনাইছিল যে এই ফেষ্টিভেলৰ মুখ্য সংগঠক শ্যামকানু মহন্তই অসম চৰকাৰৰ সৈতে যোগাযোগ কৰিব৷ এই সমগ্ৰ বিষয় অৱগত কৰি ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্ত ড০ ছিলপাক আম্বুলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ প্ৰেৰণ কৰিছিল৷ পত্ৰত মুখ্যমন্ত্ৰীক উদ্বোধনী অনুষ্ঠানত বিষয়ববীয়া, উদ্যোগী, ব্যৱসায়ী, সাংস্কৃতিক গোষ্ঠীৰ সৈতে উপস্থিত থাকিবলৈ অনুৰোধ জনায়। কেৱল এয়াই নহয়, ৰাজ্য চৰকাৰক আৰ্থিক সহযোগিতা আগবঢ়াবলৈও একেখন পত্ৰতে অনুৰোধ জনাইছিল। পৰৱৰ্তী সময়ত পত্ৰখন মুখ্য সচিবলৈ প্ৰেৰণ কৰিছিল খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ বিগত ২৯ এপ্ৰিলত এই পত্ৰ লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য সচিবলৈ সম্বোধন কৰি ‘প্লিজ স্পীক’ বুলি নোট লিখে৷ অৰ্থাৎ বিষয়টো আলোচনাৰ বাবে মুখ্য সচিবক আহ্বান জনায়৷ ইয়াৰ পাছত ১১ মে’ত এই পত্ৰখন এক্ট ইষ্ট পলিচী বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে মুখ্য সচিব ৰবি কোটাই৷ নিজৰ নোটত মুখ্য সচিবে এইদৰে লিখে যে ‘অনুগ্ৰহ কৰি বৈদেশিক মন্ত্ৰালয়লৈ লিখক আৰু তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক৷’ এই পত্ৰৰ পৰা দুটা বিষয় স্পষ্ট হৈ পৰে৷ প্ৰথম, জুবিন গাৰ্গে অংশগ্ৰহণ কৰিবলৈ যোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য উদ্যোক্তা আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ছিংগাপুৰস্থিত ভাৰতৰ হাই কমিছন৷ য’ত মুখ্য সংগঠকৰ দায়িত্বত আছিল শ্যামকানু মহন্ত৷ দ্বিতীয়, সমগ্ৰ বিষয়টো ছিংগাপুৰৰ উচ্চায়ুক্তই এপ্ৰিল মাহতে অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিছিল৷ এই বিষয়ে মুখ্যমন্ত্ৰীয়ে মুখ্য সচিব ৰবি কোটাৰ লগত আলোচনাও কৰিছিল৷ মন কৰিবলগীয়া কথাটো হ’ল, ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সন্দৰ্ভত তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছে৷ তদন্তাধীন বিষয় বুলি কৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আৰ টি আই আবেদন নাকচ কৰে৷ অসম চৰকাৰৰ এক্ট ইষ্ট পলিচী এফেয়াৰ বিভাগৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰ ‘দ্য ক্ৰছকাৰেণ্ট’য়ে লাভ কৰিবলৈ সক্ষম হয়৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.