নেতা-মন্ত্ৰীৰ সম্পত্তিয়ে জোকাৰিছে শাসক দলৰ ভেটি-মাটি, এইবাৰ Tuliram Ronghang-এ শ’লঠেকত পেলাইছে বিজেপিক

Share This Article

মন্ত্ৰী, বিধায়ক আৰু নেতাৰ সীমাহীন সম্পত্তিয়ে এতিয়া জোকাৰিছে শাসকীয় দল বিজেপিৰ ভেটি মাটি৷ প্ৰথমতে মুখ্যমন্ত্ৰী, তাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু এইবাৰ কাৰ্বি আংলঙ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ (Tuliram Ronghang) ৰ সম্পত্তিৰ প্ৰসংগই বাৰুকৈয়ে অস্বস্তিত পেলাইছে শাসকীয় দলটোক৷ আনকি তুলিৰাম ৰংহাঙক বচাবলৈ খোদ মুখ্যমন্ত্ৰীগৰাকী ফিল্ডত নামিবলগীয়া অৱস্থা হৈছে৷ ঘটনাৰ আৱম্ভণি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া ডিফু ভ্ৰমণৰ সময়ৰ পৰা৷

এই ভ্ৰমণৰ সময়তে গৌৰৱ গগৈয়ে কাৰ্বি স্বায়ত্বশাসিত পৰিষদক বিজেপিয়ে এ টি এম মেচিনৰ দৰে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপণ কৰিছিল৷ কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ তুলিৰাম ৰংহাঙৰ প্ৰসাদোপম অট্টালিকাৰ সন্মখত থিয় হৈ উত্থাপণ কৰিছিল কেতবোৰ প্ৰশ্ন।

তুলিৰামৰ নিৰ্মীয়মান প্ৰসাদ ইতিমধ্যেই কাৰ্বি আংলঙৰ ৰাজনীতিৰ এটা প্ৰধান ইছ্যুত পৰিণত হৈছে৷ ইয়াৰ পাছতেই তুলিৰামক বচাবলৈ নামি পৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা৷ তুলিৰামৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে লিখিছে –

“শ্ৰীতুলিৰাম ৰংহাং ডাঙৰীয়া এগৰাকী সন্মানীয় নেতা, যি কাৰ্বি ভূমিৰ এখন অতি সাধাৰণ গাঁৱৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দৰে সন্মানীয় নেতা হৈ জনসাধাৰণৰ সেৱা কৰিবলৈ সুযোগ লাভ কৰিছে৷ তেখেতৰ নেতৃত্বত অঞ্চলটোৱে স্থায়ী শান্তিৰ লগতে অভূতপূৰ্ব উন্নয়নৰ সাক্ষী হৈছে। কাৰ্বি জনসাধাৰণৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী আৰু নিষ্ঠাৰ বাবে আজি ডিফু অন্যতম উন্নত মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃত হৈছে৷

পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰৰ নিৰ্দেশত কাম কৰা ব্যক্তিসকলে এনে এগৰাকী ব্যক্তিক বদনাম কৰাৰ প্ৰচেষ্টাই কাৰ্বি আংলঙৰ প্ৰগতি আৰু বিকাশক ম্লান কৰিব নোৱাৰে। কাৰ্বি আংলঙৰ জনসাধাৰণ সদায়ে এক হৈ আছে আৰু বহু কষ্টৰ বিনিময়ত লাভ কৰা কাৰ্বি ভূমিৰ শান্তি ৰক্ষা কৰি অধিক প্ৰগতিৰ দিশত যাত্ৰা অব্যাহত ৰাখিবলৈ জনসাধাৰণ দায়বদ্ধ হৈ আছে আৰু আগলৈও থাকিব৷”

কিন্তু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এবাৰলৈও উল্লেখ নকৰিলে বিগত সময়ছোৱাত তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ গুৰুতৰ অভিযোগৰ প্ৰসংগ৷ অতি শেহতীয়াকৈ ১০০ কোটি টকাৰ ঠিকা আত্মীয় স্বজনৰ মাজত ভগাই লোৱাৰ অভিযোগ উত্থাপণ হৈছিল তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে৷ অভিযোগ উঠিছিল- পত্নীৰ কাছে কনষ্ট্ৰাকশ্যনক দিছিল ৬০ কোটি টকাৰ ঠিকা আৰু ভাতৃৰ ইংলং এন্টাৰপ্ৰাইজক দিছিল ৪০ কোটি টকাৰ ঠিকা।

লগতে পঢ়ক: BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ গগৈ

কেৱল সেয়াই নহয়, ১৭ কিলোমিটাৰ দীঘল পথ এটা মাত্ৰ ৭ দিনৰ ভিতৰত নিৰ্মাণ কৰা দেখুৱাই ধন উলিয়াই নিয়াৰ দৰেও ঘটনা ঘটিছিল তুলিৰাম ৰংহাঙৰ কাৰ্বি স্বায়ত্বশাসিত পৰিষদত ৷ ইয়াৰ বাহিৰেও কাৰ্বি আংলঙৰ কয়লাৰ অবৈধ বেহা, জলসিঞ্চনৰ বিয়াগোম কেলেংকাৰীকে ধৰি এশ এবুৰি অভিযোগ আছে মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে৷ বিৰোধীয়ে ধাৰাবাহিকভাৱে তুলিৰাম ৰংহাঙৰ শাসনত কাৰ্বি পাহাৰত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্ত দাবী কৰি আহিছে৷ কিন্তু তুলিৰামৰ দুৰ্নীতিৰ প্ৰসংগ ওলালেই মৌন হৈ ৰয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা৷ অৱশেষত মৌনতা এৰি তুলিৰামক মুকলিকৈ ৰক্ষণাবেক্ষণ দিবলৈ ওলাই আহিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ পৰাই ওলাই পৰে যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পাছত তুলিৰাম ৰংহাঙৰ সমপত্তিৰ প্ৰসংগই বাৰুকৈয়ে বিব্ৰত কৰি তুলিছে মুখ্যমন্ত্ৰীকে ধৰি শাসকীয় দলটোক৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.