Land Acquisition in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত খিলঞ্জীয়াৰ ভেটিত কঁপনি

Share This Article

‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ জনতা এতিয়া নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে। ‘এডভাণ্টেজ আছাম’ৰ দৰে উদ্যোগৰ পিছত চৰকাৰে ভূমি অধিগ্ৰহণ (Land Acquisition in Assam)ৰ এক দ্ৰুত অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ জৰিয়তে স্পষ্ট হৈ পৰিছে যে গুৱাহাটীৰ আশে-পাশে থকা খালী মাটি পুঁজিপতিৰ হাতলৈ গতাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ তৎপৰ হৈ পৰিছে।

Land Acquisition in Assam: ভূমি অধিগ্ৰহণৰ পৰিস্থিতি

পৰ্বতঝোৰাৰ পৰা পলাশবাৰী, কাৰ্বি পাহাৰৰ পৰা ডিমাহাচাওলৈ—চৌদিশে এতিয়া ভেটি-মাটি ৰক্ষাৰ আন্দোলন তীব্ৰ হৈ উঠিছে। পলাশবাৰীত ছেটেলাইট চিটী স্থাপনৰ বাবে বৰদুৱাৰ বাগানৰ ২১০০ জনজাতীয় পৰিয়ালক উচ্ছেদৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে। স্থানীয় জনতা এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদমুখৰ হৈ আছে। একেদৰে, পৰ্বতঝোৰাৰ ৩৬০০ বিঘা ভূমি গৌতম আদানিক হস্তান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে। কাৰ্বি আংলঙৰ বৰজানত ১৮ হাজাৰ বিঘা মাটিত বৃহৎ পুঁজিপতিৰ দ্বাৰা সৌৰশক্তি পাৰ্ক নিৰ্মাণৰ প্ৰস্তুতি চলি আছে। ডিমাহাচাওৰ শ শ বিঘা ভূমিও আদানি গোষ্ঠীক অৰ্পণৰ প্ৰক্ৰিয়া তুংগত উঠিছে।

খিলঞ্জীয়া জনতাৰ সাতামপুৰুষীয়া ভূমিত পুঁজিপতিৰ চকু পৰাৰ লগে লগে জনতাৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। কুলসী নদীত নদীবান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিৰুদ্ধেও জনতা ঐক্যবদ্ধভাৱে প্ৰতিবাদত নামিছে। ইয়াৰ মাজতে গুৱাহাটীৰ ম্যাদী পট্টাধাৰী পৰিয়ালসমূহেও ভূমি অধিগ্ৰহণৰ জাননী লাভ কৰিছে, কাৰণ সেই ভূমি কোনো পুঁজিপতি গোষ্ঠীৰ প্ৰয়োজন।

আৰক্ষীৰ কাৰ্যালয়ৰ স্থানান্তৰ

গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত দশক আৰক্ষী বেটেলিয়নক সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। একেদৰে, চতুৰ্থ অসম আৰক্ষী বেটেলিয়ন আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ো গুৱাহাটীৰ পৰা আঁতৰলৈ স্থানান্তৰৰ পৰিকল্পনা চলি আছে। এই স্থানান্তৰৰ ফলত কাহিলীপাৰাৰ পাহাৰত কেইবাশ বিঘা ভূমি মুকলি হৈ পৰিব, যিবোৰ সম্ভৱতঃ পুঁজিপতি গোষ্ঠীৰ হাতলৈ গতাই দিয়া হ’ব।

প্ৰতিবাদ আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াৰ লগে লগে জনতাৰ প্ৰতিবাদো তীব্ৰতৰ হৈ পৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদকাৰীসকলক ঔদ্যোগীকৰণৰ বাধা হিচাপে চিহ্নিত কৰি দোষাৰোপ কৰিছে। তেওঁৰ এই বক্তব্যই জনতাৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে। প্ৰশ্ন উঠিছে—জনতাৰ প্ৰতিবাদে পুঁজিপতিৰ স্বাৰ্থৰ সন্মুখত গুৰুত্ব পাবনে? নে ঔদ্যোগীকৰণৰ নামত খিলঞ্জীয়া জনতাই হেৰুৱাবলগীয়া হ’ব তেওঁলোকৰ সাতামপুৰুষীয়া ভেটি-মাটি?

ৰাজনৈতিক প্ৰভাৱ

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰশ্নসমূহে অসমৰ ৰাজনীতিত ডাঙৰ প্ৰভাৱ পেলাব বুলি নিশ্চিত। ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে জনতাৰ ক্ষোভ আৰু প্ৰতিবাদে ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিক জোকাৰি যোৱাৰ সম্ভাৱনা সৃষ্টি কৰিছে। চৰকাৰৰ ঔদ্যোগীকৰণৰ নীতি আৰু খিলঞ্জীয়া জনতাৰ ভূমিৰ অধিকাৰৰ মাজৰ সংঘাতে অসমৰ ভৱিষ্যতৰ ৰাজনৈতিক দিশ নিৰ্ধাৰণ কৰিব পাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.