সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নূন্যতম ৯৯ টকাৰ ঠাইত নাজিৰাখাটত টোলকৰ নিৰ্ধাৰণ ১৪০ টকা

টোলগেটৰ নামত দিন ডকাইতি

এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান আৰু মূল দায়িত্বই হ’ল নাগৰিকসকলক নূন্যতম প্ৰয়োজনীয় সুবিধাখিনি উপলব্ধ কৰোৱা৷ এই সুবিধাৰ ভিতৰত নিশ্চয় নিৰাপদে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰাৰ সুবিধাও উপলব্ধ হ’ব লাগে৷ কিন্তু ভাৰতৰ শেহতীয়া যাতায়ত ব্যৱস্থা ইমানেই খৰচী হৈ পৰিছে যে ভ্ৰমণৰ বাবেও সাধাৰণ নাগৰিকে দুবাৰ ভাবিবলগীয়া হৈছে৷ এই খৰচী যাতায়াতৰ প্ৰধান কাৰণেই হ’ল ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ওপৰত য’তে ত’তে স্থাপন কৰা টোলগেটসমূহ৷ এই টোলগেটত যি হাৰত টোলকৰ সংগ্ৰহ কৰা হৈ আছে, সেয়া সাধাৰণ নাগৰিকৰ পৰা কৰা ডকাইতিতকৈ কোনোগুণে কম নহয়৷ এটা সামান্য সৰু উদাহৰণলৈ চাওক৷ ৰাষ্ট্ৰীয় ঘাইপথ মাচুল নিয়ম ২০০৮ অনুসৰি ২০২৪-২৫ বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত নূন্যতম মাচুল নিৰ্ধাৰণ কৰা হৈছে এইদৰে–কাৰ, জীপ বা লঘু যান বাহনৰ বাবে প্ৰতি কিলোমিটাৰত ১.৪৭ টকা, লঘু বাণিজ্যিক বাহনৰ বাবে প্ৰতি কিলোমিটাৰত ২.৩৭ টকা, বাছ–ট্ৰাকৰ বাবে প্ৰতি কিলোমিটাৰত ৪.৯৬ টকা৷ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ অধিসূচনা অনুসৰি, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা নাজিৰাখাট টোলগেটৰ ক্ষেত্ৰত ঘাইপথৰ দৈৰ্ঘ্য অনুসৰি আদায় দিবলগীয়া কৰৰ পৰিমান নিৰ্ধাৰণ কৰা হৈছে এইদৰে-৪০.৮৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথৰ বিপৰীতে নূন্যতম টোলকৰ ১০০ শতাংশ আদায় দিব লাগিব৷ কাৰ, জীপ বা লঘু বাহনৰ বাবে  নূন্যতম টোলকৰ প্ৰতি কিলোমিটাৰত ১.৪৭ টকা৷ অৰ্থাৎ নাজিৰাখাট টোলগেটত ৪০.৮৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে টোলকৰ হ’ব ৬০.০৫ টকা৷ ইয়াৰ বাহিৰেও গুৱাহাটীৰ ভিতৰৰ ১৭.৮৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ বাবে নূন্যতম টোলকৰৰ ১৫০ শতাংশ আদায় দিব লাগিব৷ সেই হিচাপ অনুসৰি এই পথছোৱাত লঘু বাহনৰ বাবে নূন্যতম টোলকৰ হ’ব ৩৯.৩৬ টকা৷ ইয়াৰ উপৰিও গুৱাহাটী বাইপাছৰ ০.৩৫৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে নূন্যতম টোলকৰ ১০০ শতাংশ আদায় দিব লাগিব৷ এইদৰে বাইপাছৰ পথছোৱাত লঘু বাহনৰ বাবে নূন্যতম টোলকৰ হ’ব ০.৫২ টকা৷ এইদৰে নাজিৰাখাট টোলগেটত সৰ্বমুঠ  নূন্যতম টোলকৰ হ’ব লাগিব ৯৯.৯৩ টকা৷ কিন্তু আজিৰ দিনটোত নাজিৰাখাট টোলগেটত এখন সাধাৰণ লঘু বাহনৰ বিপৰীতে টোলকৰ আদায় লৈ থকা হৈছে ১৪০ টকাকৈ৷ অৰ্থাৎ নূন্যতম চৰকাৰে নিৰ্ধাৰণ কৰা টোলকৰতকৈ ৪০ টকা একোখন বাহনৰ পৰা অধিক আদায় লোৱা হৈছে কেৱল নাজিৰাখাট টোলগেটত৷  এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথত টোলগেটৰ নামত চলি থকা ডকাইতিৰ এটা সামান্য উদাহৰণ মাত্ৰ৷ চৰকাৰে নাজিৰাখাটৰ বাবে লঘু বাহনৰ ক্ষেত্ৰত  নূন্যতম টোলকৰ নিৰ্ধাৰণ কৰিছে ৯৯.৯৩ টকা৷ তাৰ পাছত নিবিদাৰ জৰিয়তে এই টোলগেট পৰিচালনাৰ দায়িত্ব দিছে মেচাৰ্চ ইনোভেশ্যন নামৰ এটা কোম্পানীক৷ এই কোম্পানীটোৱে অধিক পৰিমানৰ টোলকৰ সংগ্ৰহৰ চুক্তিত নাজিৰাখাট টোলগেট পৰিচালনাৰ দায়িত্ব লাভ কৰিছে৷ তাৰ পাছত নূন্যতম টোলকৰ ৯৯ টকাৰ ঠাইত তেওঁলোকে নিৰ্ধাৰণ কৰিছে ১৪০ টকাৰ কৰ৷ এয়া মুঠেও এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰিত্ৰ হ’ব নোৱাৰে৷ এয়া জনসাধাৰণৰ ওপৰত পোনপটীয়াকৈ কৰা ডকাইতি৷

এই কৌশলী ডকাইতিৰেই ৫ বছৰত ৰাজ্যৰ টোলগেটত সংগ্ৰহ কৰা হৈছে ১৪৫৮.০৬ কোটি টকা৷ মন কৰিবলগীয়া কথাটো হ’ল ২০১৯-২০ বৰ্ষত অসমত টোলগেট আছিল ৩ খন। এতিয়া আছে ৯ খন। ২০১৯-২০ বৰ্ষত ১১ কোটি টকা সংগ্ৰহ কৰা টোলগেটৰ পৰা এতিয়া সংগ্ৰহ হয় ৪৮৬ কোটি টকা। লক্ষণীয়ভাৱে ২০২১-২২ বৰ্ষত ৯ খন টোলগেটৰ পৰা সংগ্ৰহ হৈছিল ২৯৯.৪৮ কোটি টকা। ২০২২-২৩ বৰ্ষত সেই  ৯ খন টোলগেটৰ পৰা ৪৬৫.৮৯ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত সেই একেই ৯ খন টোলগেটৰ পৰা সংগ্ৰহ হল ৪৮৬.৪৮ কোটি টকা। অসমত কি হাৰত টোলকৰ সংগ্ৰহ কৰা হৈ আছে, সেয়া এই পৰিসংখ্যাসমূহৰ পৰাই ওলাই পৰে৷ নাভাবিব যে টোলকৰৰ ভাগ কেৱল কেন্দ্ৰীয় চৰকাৰলৈ গৈ আছে৷ প্ৰায়বোৰ দল, সংগঠনেই অসমৰ প্ৰতিখন টোলগেটত সংগ্ৰহ কৰা ধনৰ এটা নিৰ্দিষ্ট ভাগ লাভ কৰে৷ যাৰ বাবে এই দিন ডকাইতি দেখিও এই দল, সংগঠনসমূহ মৌন হৈ ৰয়৷ চৰকাৰ আৰু তথাকথিত সংগঠনৰ এই যৌথ অভিযানত উদং হৈছে সাধাৰণ জনতাৰ জেপ৷ তাৰ লগে লগে যেন আমাৰ দেশেও ক্ৰমাৎ হেৰুৱাই পেলাইছে কল্যানকামী ৰাষ্ট্ৰৰ চৰিত্ৰ৷ আপুনি চৰকাৰী চিকিৎসালয়ত উপযুক্ত সুবিধা নাপায়, চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানক নামভৰ্তিৰ পৰিৱেশ পোৱা নাই, ৰাজহুৱা যাতায়ত ব্যৱস্থা সুচল হৈ থকা নাই, তাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথত মন মৰ্জি মতে নিৰ্ধাৰণ কৰা টোলকৰ আদায় দিবলৈ বাধ্য৷ এনে লাগে যেন জনতাক শোষণেই হৈ পৰিছে ৰাষ্ট্ৰৰ একমাত্ৰ উদ্দেশ্য৷

- Donation -

Leave A Reply

Your email address will not be published.