‘ৰাৱণে’ই লগালে কেণা !

Share This Article

‘আদিপুৰুষ’ নামৰ চিনেমাখনক লৈ বিতৰ্কৰ অন্ত পৰা নাই।হনুমানক লৈ নিৰ্মিত এই চিনেমাখনক লৈ যিমানেই বিক্ষোভ বিৰোধিতা হৈছে সিমানেই আকৌ এটা চামে চিনেমাখনৰ প্ৰতি সমৰ্থনো আগবঢ়াইছে।ইফালে ‘আদিপুৰুষ’ৰ প্ৰদৰ্শনৰ বিৰোধিতাৰে হিন্দু সেনাই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এক জনস্বাৰ্থ জড়িত আৱেদন।ন্যায়াধীশ তাৰা ভিতাছা গঞ্জু আৰু অমিত মহাজনৰ বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণ কৰিছিল। শুনানি গ্ৰহণ কৰি বুধবাৰে বিচাৰপীঠে জনাই যে এই বিষয়টোত কোনো ক্ষিপ্ৰ সিদ্ধান্তৰ প্ৰয়োজন ল’বলগীয়া নাই।অহা ৩০ জুনত পুনৰ এই বিষয়ত শুনানি গ্ৰহণ কৰা হ’ব।হিন্দু সেনাই তেওঁলোকৰ ৰাজহুৱা স্বাৰ্থ জনিত আৱেদনৰ সমৰ্থনত যুক্তি দৰ্শাই কয় যে চিনেমাখনত বহুতবোৰ বিতৰ্কিত দৃশ্য সংযোজন ঘটোৱা হৈছে।এই দৃশ্যবোৰে আনকি প্ৰতিবেশী ৰাষ্ট্ৰৰ লগত ভাৰতৰ সম্পৰ্ক অৱনমিত কৰিছে।’চিনেমাখনে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত বিধিপথালিৰ সৃষ্টি কৰিছে৷ইতিমধ্যে নেপালে এই চিনেমাখন নিষিদ্ধ কৰিছে।’ন্যায়াধীশ গুঞ্জুৱে কয় ‘ এইটো বিষয়ক লৈ ইমান জৰুৰীভাৱে সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই।অহা ৩০ জুনত আপোনালোক পুনৰ আহক ।’দক্ষিণৰ অভিনেতা প্ৰভাস,ছেইফ আলী খান আৰু ক্ৰীতি চাননে অভিনয় কৰা ‘আদিপুৰুষ’ নামৰ চিনেমাখনে বিগত ১৬ জুনত মুক্তি লাভ কৰিছিল।তেতিয়াৰ পৰাই বিভিন্ন ব্যক্তিয়ে চিনেমাখনৰ কিছু ডায়লগক লৈ আপত্তি দৰ্শাই আহিছে।ৰামায়ণৰ দুটা চৰিত্ৰ ৰাৱণ আৰু হনুমানক লৈ যথেষ্ট আপত্তি আছিল কিছুসংখ্যক লোকৰ৷সেয়ে হিন্দু সেনাৰ ৰাষ্ট্ৰীয় সভাপতি বিষ্ণু গুপ্তাই এখন জনস্বাৰ্থ জড়িত আৱেদনৰ জড়িয়তে চিনেমাখন নিষিদ্ধ হোৱাটো বিচাৰিছিল৷আৱেদনখনত উল্লেখ কৰা অনুসৰি ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা ছেইফ আলী খানক সম্পূৰ্ণ পৃথক ৰূপত দেখা গৈছিল।দাড়িৰে সৈতে দেখা গৈছিল তেওঁক৷তেওঁৰ সেই দাড়িখিনিয়ে হিন্দুৰ আৱেগ অনুভূতিক আঘাত হানিছিল।আৱেদনখনত লিখা হৈছে ‘ যিহেতু চিনেমাখনৰ কিছু চৰিত্ৰ ঐতিহাসিক তাক পৰিচালকে বাণিজ্যিকীকৰণ কৰাটো উচিত হোৱা নাই।তেওঁলোকৰ ব্যক্তিত্ব,তেওঁলোকৰ বেশভূষা ঐতিহাসিক চৰিত্ৰৰ ৰূপতেই ৰখা উচিত আছিল৷ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদত উল্লেখিত ধৰ্মীয় অধিকাৰক খৰ্ব কৰিছে কেইটামান বিশেষ চৰিত্ৰই।ইয়াৰ ওপৰিও হিন্দু সকলৰ পূজ্য ৰাম,সীতা,হনুমান আদি প্ৰাচীন চৰিত্ৰবোৰ অতিৰঞ্জিত কৰাটো চলচ্চিত্ৰ প্ৰযোজক,নিৰ্দেশক আৰু অভিনেতাসকলৰ বাবে সঠিক পদক্ষেপ হোৱা নাই।সেয়ে এনেধৰণৰ চিনেমাবোৰ জনসাধাৰণৰ উপভোগৰ বাবে প্ৰদৰ্শিত হোৱাটো উচিত হোৱা নাই।প্ৰযোজক,নিৰ্দেশক,অভিনেতা আদি সকলোৱেই এই ক্ষেত্ৰত সজাগ হোৱাটো বাঞ্ছনীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.