সাংবাদিকতাৰ নামত দালালি !

সাংবাদিকতাৰ নামত ব্লেকমেইলিং । RTIৰ নামতো ব্লেকমেইলিং আৰম্ভ কৰিছে এটা চামে।সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ল’লে ৪ লাখ,সাংবাদিক পূজামণি দাসে ল’লে ৮.৭০ লাখ, RTI কৰ্মী অনুপ শইকীয়াই ল’লে ৫০ লাখ,RTI কৰ্মী ৰবিজিৎ গগৈয়ে ল’লে ৮৩ লাখ।সাংবাদিকতাক যেন এতিয়া একাংশই ধন সংগ্ৰহৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। সমান্তৰালভাৱে তথ্য জনাৰ অধিকাৰ আইন খনকো একাংশই ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছে। তাৰ প্ৰমাণ SCERTৰ ১০৫ কোটি টকাৰ বিয়াগোম কেলেংকাৰী। ডিএলএডৰ দূৰৱৰ্তী প্ৰশিক্ষণ আৰু প্ৰমাণপত্ৰ প্ৰদানৰ নামত সংঘটিত ১০৫ কোটি টকা কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে মঙলবাৰে গ্ৰেপ্তাৰ কৰে দুগৰাকী সাংবাদিক আৰু দুগৰাকী আৰ টি আই কৰ্মীক। চাৰিওগৰাকীৰ বিৰুদ্ধে অভিযোগ ব্লেকমেইলিঙৰ। ইয়াৰে ৰবিজিৎ গগৈ আৰু পূজামণি দাসক দুদিন জেৰাৰ অন্তত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য এচ চি ই আৰ টিৰ সঞ্চালক শেৱালি দেৱী শৰ্মা হৈ থাকোঁতে ৰবিজিৎ গগৈয়ে আৰ টি আই আবেদন দাখিল কৰি প্ৰত্যাহাৰ কৰিছিল। যাৰ বাবে তেওঁ শেৱালি দেৱী শৰ্মাৰ পৰা লৈছিল ৮৩ লাখ টকা। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি ২৫৪৫ টা ভোট লাভ কৰি শোচনীয়ভাৱে পৰাস্ত হোৱা অনুপ শইকীয়া বৰ্তমান একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠন এটাৰে জড়িত। এই অনুপ শইকীয়ায়ো আৰ টি আইৰ জৰিয়তে ব্লেকমেইলিং কৰি শেৱালি দেৱী শৰ্মাৰ পৰা আদায় কৰিছিল ৫০ লাখ টকা। একেদৰে এটা নিউজ চেনেলৰ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ৪ লাখ টকা আৰু এটা নিউজ প’ৰ্টেলৰ সাংবাদিক পূজামণি দাসে শেৱালি দেৱী শৰ্মাৰ পৰা লৈছিল ৮.৭০ লাখ টকা। গ্ৰেপ্তাৰ হোৱা চাৰিও গৰাকী অভিযুক্তই এচ চি ই আৰ টিৰ অ’ ডি এল কোষৰ বেংক একাউণ্টৰ পৰা নিজ একাউণ্টত লৈছিল টকা। সাংবাদিক পূজামণি দাসে তেওঁৰ মাতৃৰ একাউণ্টতো লৈছিল টকা। একেদৰে অনুপ শইকীয়াই এচ চি ই আৰ টিৰ অ’ ডি এল কোষৰ একাউণ্টৰ পৰা নিজৰ বেংক একাউণ্টত ৩৫ লাখ টকা,ৰবিজিৎ গগৈয়ে বেংক একাউণ্টত ১৫ লাখ টকা আৰু ভাস্কৰজ্যোতি হাজৰিকাই চাৰি লাখ টকা জমা লৈছিল। তদুপৰি ৰবিজিৎ গগৈয়ে আই এছ বি টিত এচ চি ই আৰ টিৰ বিষয়া তথা শেৱালি দেৱী শৰ্মাৰ দুৰ্নীতিৰ সংগী এল এন সোণোৱালৰ পৰা নগদ ৬৮ লাখ টকা আদায় কৰিছিল। উল্লেখ্য SCERTৰ ১০৫ কোটি কেলেংকাৰীৰ গোচৰত প্ৰাক্তন সঞ্চালক,নিলম্বিত IAS বিষয়া শেৱালি দেৱী শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। যোৱা ৮ মে’ৰ পুৱা ৰাজস্থানৰ আজমেৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত শেৱালি দেৱী শৰ্মা, জোঁৱায়েক অজিত পাল সিং , ঠিকাদাৰ ৰাহুল আমিন আৰু এগৰাকী বনকৰা মহিলাক গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে। এই গোটেই কেইগৰাকী বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। তদুপৰি এই বিয়াগোম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে আন কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।ইফালে এই কেলেংকাৰীত জড়িত হৈ সাংবাদিক আৰু আৰ টি আই কৰ্মী গ্ৰেপ্তাৰ হোৱাত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। একাংশ সাংবাদিকৰ বাবেই সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছে সমগ্ৰ সংবাদ মাধ্যম। কিন্তু এই সমালোচনাৰ পৰা হাত সৰাৰ বাট মুকলাব লাগিব সংবাদ মাধ্যমেই।

Leave a Reply

Your email address will not be published. Required fields are marked *