মোডীৰ বিৰুদ্ধে দেশজোৰা প’ষ্টাৰিং

দেশত চলিছে এতিয়া প’ষ্টাৰিঙৰ ৰাজনীতি। কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প’ষ্টাৰিং কৰা হৈছিল।বিজেপিৰ বিৰুদ্ধে এই প’ষ্টাৰিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। প’ষ্টাৰিঙে দেশৰ ৰাজনীতিত চৰ্চা লাভ কৰি থকাৰ সময়তে আম আদমী পাৰ্টিয়ে অহা ৩০ মাৰ্চত দেশজোৰা প’ষ্টাৰিঙৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প’ষ্টাৰিঙৰ শ্ল’গান হ’ল—“মোডী হটাও,দেশ বচাও”।দেশৰ ১১ টা ভাষাত এই প’ষ্টাৰিং কৰা হ’ব।এই ভাষা কেইটা হ’ল—হিন্দী,ইংৰাজী,উৰ্দু,পঞ্জাৱী,গুজৰাটী,তেলেগু,বাংলা,উড়িয়া,কানাড়া,মালায়ালম আৰু মাৰাঠী। ইতিমধ্যে দিল্লীৰ পৰিৱেশ মন্ত্ৰী তথা আম আদমি পাৰ্টীৰ দিল্লীৰ প্ৰদেশ সংযোজক গোপাল ৰায়ে টুইটাৰযোগে ৩০ মাৰ্চত ১১ টা ভাষাত প’ষ্টাৰিং কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *