খালিস্তানী নেতা অমৃতপাল সিঙক বিচাৰি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।বিগত এটা সপ্তাহতকৈয়ো অধিক সময় তালাচী অভিযান চলায়ো খালিস্তানী নেতা জনৰ কোনো সম্ভেদ উলিয়াব পৰা নাই পঞ্জাৱ আৰক্ষীয়ে।ইণ্টাৰনেট সেৱা বন্ধ কৰি তালাচী চলায়ো কোনো সুফল লাভ কৰা নাই আৰক্ষীয়ে৷শনিবাৰে দিল্লী আৰু পঞ্জাৱ আৰক্ষীয়ে অমৃতপালক বিচাৰি দেশৰ ৰাজধানী দিল্লীতো আৰম্ভ কৰিছে অভিযান৷দিল্লী আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৱাৰিছ দি পঞ্জাৱৰ মূৰব্বী অমৃতপাল সিঙে ইতিমধ্যে পঞ্জাৱৰ পৰা দিল্লীত উপস্থিত হৈছে।দিল্লী আৰু পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে দিল্লী আৰু ইয়াৰ সীমান্তবৰ্তী অঞ্চলত আৰম্ভ কৰিছে ব্যাপক অভিযান।চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি দিল্লীৰ ISBT টাৰ্মিনেলত অমৃতপালৰ সৈতে হুবহু চেহেৰাৰ এজন ব্যক্তিক দেখা পোৱা গৈছে ।পঞ্জাব আৰক্ষীয়ে অমৃতপালে বাছেৰে দিল্লীলৈ অহা বুলি সন্দেহ ব্যক্ত কৰিছে।দিল্লী আৰক্ষীয়ে ইতিমধ্যে দিল্লীত অমৃতপালৰ বিৰুদ্ধে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে।উত্তৰাখণ্ডৰ ডেৰাডুন,হৰিদ্বাৰ আৰু উধাম সিং নগৰ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে।উত্তৰাখণ্ডৰ ডিআইজি অশোক কুমাৰে কয় যে আৰক্ষীয়ে ডেৰাডুন,হৰিদ্বাৰ আৰু উধাম সিং জিলাৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে ।উল্লেখযোগ্য যে এই তিনিখন জিলা ৯০ দশকত সবাতোকৈ সন্ত্ৰাসজৰ্জৰ হিচাপে পৰিগণিত হৈছিল।ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰা মুঠ ৪৪ জন লোকক মুকলি কৰি দিছে।
বৃহস্পতিবাৰে পঞ্জাৱ আৰক্ষী সুখচেইন সিং গিলে ৰাজ্যখনত শান্তি শৃংখলা বিঘ্নিত কৰা মুঠ ২০৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰিছিল।আইজিপি গিলে প্ৰকাশ কৰা অনুসৰি ৱাৰিছ দি পঞ্জাৱৰ মূৰব্বী গৰাকীৰ অন্তিম লোকেশ্যন আছিল হাৰিয়ানা।
