সঁচাকৈয়ে শেষ নে ৰাহুলৰ কেৰিয়াৰ?

Share This Article

লোকসভাৰ সাংসদ হৈ থকাৰ যোগ্যতা হেৰুৱালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।আগন্তুক ৮ বছৰলৈ নিৰ্বাচন খেলিব নোৱাৰিব ৰাহুল গান্ধীয়ে।বৃহস্পতিবাৰে চুৰাট আদালতৰ পৰা একেটা গোচৰতে জামিন পাইছিল ৰাহুল গান্ধীয়ে।ইতিমধ্যে এই সিন্ধান্ত পুনৰ বিবেচনাৰ আৱেদন ৩০ দিনৰ ভিতৰত জনাব পাৰিব বুলি চুৰাটৰ আদালতে জনাইছিল।কিন্তু আদালতৰ দুবছৰ কাৰাদণ্ডৰ এই ৰায়ে কংগ্ৰেছ নেতাগৰাকীৰ সন্মুখত সৃষ্টি কৰিছিল যথেষ্ট প্ৰত্যাহ্বানৰ।বৃহস্পতিবাৰৰ ৰায়টোৰ পিছত বহুসংখ্যক আইনজ্ঞই ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ সম্ভাৱনীয়তা নুই কৰা নাছিল। ৰিপ্ৰেজেণ্টেশ্যন অব পিপুলচ এক্ট ১৯৫১ ৰ অনুচ্ছেদ ৮ৰ ৩ দফা অনুসৰি যদি কোনো সাংসদ কিবা দোষত অভিযুক্ত হৈ দুবছৰতকৈ অধিক সময় কাৰাদণ্ডৰে দণ্ডিত হয় তেন্তে তেওঁ আপোনাআপুনি অযোগ্য ঘোষিত হয়।চুৰাট আদালতৰ ৰায় অনুসৰি লোকসভা সচিবালয়ে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিলে আৰু তেওঁৰ সমষ্টিৰ আসনখনো খালী হ’ল।নিৰ্বাচন আয়োগে এতিয়া সেই আসনখনৰ বাবে নিৰ্বাচনো অনুষ্ঠিত কৰিব পাৰে।আনকি ৰাহুল গান্ধীৰ চৰকাৰী বাংলোটোও খালী কৰাৰ নিৰ্দেশ দিব পাৰে।অৱশ্যে ৰাহুল গান্ধীয়ে এই ৰায়ক ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব পাৰে।কংগ্ৰেছে এই নিৰ্দেশৰ বিৰোধিতা কৰি কয় যে কেৱল ৰাষ্ট্ৰপতিয়েহে নিৰ্বাচন আয়োগৰ লগত আলোচনা কৰি এই সিন্ধান্ত ল’ব পাৰে।বিজেপিয়ে অৱশ্যে কংগ্ৰেছৰ এই দাবীৰ বিৰোধিতা কৰিছে।প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী কপিল ছিবালে কয় যে দুবছৰ জে’লৰ ৰায় লাভ কৰাৰ বাবে ৰাহুল গান্ধীৰ সাংসদ পদ আপোনাআপুনি খাৰিজ হ’ব লাগে।ছিবালে কয় ‘ যদি ন্যায়ালয়ে দুবছৰৰ কাৰাদণ্ডৰ ৰায়টো নাকচ কৰে,সেয়াও যথেষ্ট নহ’ব৷তেওঁৰ শাস্তিৰ ৰায়টোক যদি স্থগিতাদেশ দিয়ে তেতিয়াহে তেওঁ সাংসদ হিচাপে থাকিব পাৰিব।’যদি এই ৰায় কোনো ন্যায়ালয়ে খাৰিজ নকৰে,তেন্তে ৰাহুল গান্ধীয়ে আগন্তুক ৮ বছৰলৈকে কোনো নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰিব।’অৱশ্যে ৰাহুল গান্ধীয়ে এই ৰায়দানক ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি জানিব পৰা গৈছে।আনকি উচ্চ ন্যায়ালয়ত নিৰ্দেশ খাৰিজ কৰিব নোৱাৰিলে তেওঁলোক উচ্চতম ন্যায়ালয়লৈ যাবলৈয়ো প্ৰস্তুত বুলি জনাই কংগ্ৰেছ দলে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.