‘মোক ক্ষমা কৰক’

Share This Article

অপৰাধীক নিয়ন্ত্ৰণৰ নামত যধেমধে এনকাউণ্টাৰ চলোৱা কাৰ্য আৰম্ভ হৈছে দেশৰ প্ৰায় কেইখন ৰাজ্যত।এনেদৰে এনকাউণ্টাৰ আৰম্ভ হোৱা ৰাজ্যবোৰৰ ভিতৰত উত্তৰ প্ৰদেশ অন্যতম।যিকোনো অপৰাধীকেই গুলীয়াই অপৰাধ নিয়ন্ত্ৰণ কৰিব খুজিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।অংকুৰ নামৰ অপৰাধীটো বাইক চোৰ গ্ৰুপৰ সদস্য।অপৰাধীটোৱে মনচুৰপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ সময়ত হাতত এখন প্লেকাৰ্ড লৈ প্ৰৱেশ কৰে।প্লেকাৰ্ড খনত লিখা আছিল ‘ ক্ষমা কৰিব মুখ্যমন্ত্ৰী যোগী।মই ভুল কৰিছিলোঁ ।’আৰক্ষী বিষয়া ৰজত ত্যাগীয়ে কয় ‘ অভিযুক্তজনে বুধবাৰে গাঁৱৰ মূৰব্বী আৰু পৰিয়ালৰ সদস্য সকলক লৈ থানাত উপস্থিত হয়।তেওঁ ক্ষমা বিচাৰাৰ
লগতে ভবিষ্যতে কেতিয়াও এনে কামত জড়িত নোহোৱাৰ কথা উল্লেখ কৰে৷তেওঁ বৰ্তমান আৰক্ষীৰ জিম্মাত।তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধৰ গোচৰ আছে।ডকাইতি আৰু হত্যাৰ গোচৰতো অভিযুক্ত এই অপৰাধীটো।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.