ভাৰতীয় হৈ লজ্জিত মই’ -নিজেই কৈছিল নৰেন্দ্ৰ মোডীয়ে

Share This Article

বিজেপিৰ সাংসদৰ দাবী যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনত কৰা মন্তব্যৰ বাবে সংসদত ক্ষমা খোজা উচিত।সোমবাৰে ৰাজ্যসভাত এই দাবী তোলে বিজেপিৰ সাংসদে।শাসক দলৰ এই দাবীৰ বিৰোধিতাৰে সোমবাৰে সদন উত্তাল কৰে কংগ্ৰেছ দলে।শাসক দলৰ এই দাবীৰ বিপৰীতে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই কয় ‘ যিসকলে গণতন্ত্ৰ সুৰক্ষাৰ কথা কৈ আছে তেওঁলোকৰ দিনতে হৈ আছে গণতন্ত্ৰ ধ্বংস।প্ৰধানমন্ত্ৰী মোডীয়ে চৰকাৰখন একনায়কত্ববাদী শাসকৰ দৰে চলাইছে আৰু তেওঁলোকে গণতন্ত্ৰ ৰক্ষা কৰি দেশৰ গৌৰৱ ৰক্ষা কৰাৰ কথা কয়।’ৰাজ্যসভাত সভাপতি গৰাকীয়ে পুনৰ কয় ‘আমি আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত যুটীয়া সংসদীয় সমিতি গঠনৰ দাবী জনাইছিলোঁ।আমি যেতিয়া এই দাবী জনাইছিলোঁ তেতিয়া মাইকবোৰৰ চুইচ বন্ধ কৰি দিয়া হৈছিল।’শাসক -বিৰোধীৰ মাজত সৃষ্টি হোৱা এই পৰিস্থিতিৰ বাবে সদন ২ বজালৈকে স্থগিত ৰাখিবলগীয়া হয়।একে সময়তে প্ৰধানমন্ত্ৰী মোডীক তেওঁৰ চীন ভ্ৰমণৰ সময়ৰ এক মন্তব্য সোঁৱৰাই দি সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেই টুইটাৰত লিখিছে ‘আপুনি চীন ভ্ৰমণৰ সময়ত কৈছিল,আপুনি ভাৰতত জন্ম হৈ এটা সময়ত লজ্জিত অনুভৱ কৰিছিল,কিন্তু এতিয়া আপুনি দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰে।সেইটো ভাৰত আৰু ভাৰতীয়ৰ বাবে এক লজ্জাজনক ঘটনা নাছিল জানো?আপোনাৰ মন্ত্ৰীসকলক তেওঁলোকৰ স্মৃতিশক্তি সজীৱ কৰি সেই কথাবোৰ স্মৰণ কৰিবলৈ কওক !’আন এটা টুইটত পুনৰ কংগ্ৰেছ সভাপতি গৰাকীয়ে লিখিছে ‘ আপুনি এবাৰ দক্ষিণ কোৰিয়াত কৈছিল যে এটা সময় আছিল যেতিয়া ভাৰতীয়ই ভাবিছিল যে তেওঁলোকে কি পাপ কৰিছিল যাৰ কাৰণে তেওঁলোকে ভাৰতত জন্ম ল’বলগীয়া হ’ল,এই মন্তব্য আপুনি দেশক লৈ কৰা নাছিল জানো?’-কংগ্ৰেছ দলক আঙুলি টোঁৱোৱাৰ আগতে আপুনি সত্যৰ আইনাখন এবাৰ চাই লওক !’উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ইংলেণ্ড ভ্ৰমণৰ সময়ত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত অংশ লৈ ভাৰতত গণতন্ত্ৰ বিপন্ন হোৱা বুলি উল্লেখ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.