ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেত্ৰী কে কবিতাই শুকুৰবাৰে দিল্লীত এক অনশন কাৰ্যসূচী আৰম্ভ কৰে ।মুঠ ১২ টা বিৰোধী দলে এই অনশন কাৰ্যসূচীত অংশ লোৱাৰ কথা।তৃণমূল কংগ্ৰেছ,নেশ্যনেল কংগ্ৰেছ পাৰ্টি,জনতা দল(ইউ),ৰাষ্ট্ৰীয় জনতা দল ,সমাজবাদী পাৰ্টিয়ে এই অনশন কাৰ্যসূচীত অংশ গ্ৰহণ কৰাটো নিশ্চিত কৰিছে।উল্লেখ্য যে ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতৃত্বত এই অনশন শুকুৰবাৰে আৰম্ভ হৈছে আৰু কাইলৈ অৰ্থাৎ শনিবাৰে দলটোৰ এগৰাকী নেত্ৰী কে কবিতাক ইনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দিল্লীৰ সুৰা নীতি সম্পৰ্কত সোধপোচ কৰিব।ED এ জাৰি কৰা চমন সন্দৰ্ভত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ জীয়ৰী কে কবিতাই কয় ‘ আমাৰ এই অনশন কাৰ্যসূচীৰ বিষয়ে জানিয়েই হয়তো EDএ লৰালৰিকৈ মোক হাজিৰ হ’বৰ বাবে চমন জাৰি কৰিছে।মই তেওঁলোকক ৯ মাৰ্চৰ পৰিবৰ্তে ১৬মাৰ্চ কৰিবলৈ অনুৰোধ জনাইছিলো যদিও তেওঁলোকে ১১মাৰ্চলৈহে পিছুৱালে।’ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী গৰাকীৰ মতে কেন্দ্ৰই ইয়াৰ সংস্থাসমূহক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰি আহিছে৷তেওঁ কয় ‘ বিগত জুন মাহৰ পৰা তেলেংগানালৈ বিভিন্ন সংস্থাবোৰ পঠিয়াই আছে।ইয়াৰ কাৰণ হ’ল চলিত বৰ্ষৰ শেষৰ ফালে তেলেংগানাত নিৰ্বাচন আছে।মূল ইছ্যুৰ পৰা আঁতৰাই ৰখাৰ বাবে বিজেপি দলে এনেবোৰ কাম কৰি আছে।’কে কবিতাই আজি অৰ্থাৎ শুকুৰবাৰৰ অনশনৰ বিষয়টো উল্লেখ কৰি পুনৰ কয় যে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ মূল প্ৰতিশ্ৰুতি আছিল মহিলাৰ সংক্ষণৰ বিধেয়কখন গৃহীত কৰা।কিন্তু সম্পূৰ্ণ ৯ টা বছৰ পিছতো এই বিধেয়ক গৃহীত কৰা সন্দৰ্ভত কোনো সিন্ধান্ত নহ’ল।
