মৰিয়নীৰ দেৱাশিসে পালে ন্যায়

Share This Article

মৰিয়নীৰ গাভৰু আঠাইছ হিলৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ এদল মানৱ ৰূপী দানৱৰ হাতত প্ৰাণ হেৰুওৱা দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান সোমবাৰে যোৰহাট সত্ৰ ন্যায়ধীশ আদলতে প্ৰদান কৰে।প্ৰায় তিনিবছৰীয়া ন্যায় যুঁজৰ অন্তত গণপ্ৰহাৰৰ বলি হোৱা দেবাশিস হত্যাকাণ্ডৰ ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে।গাভৰু চাহ বাগিচাৰ সন্মুখত ২০২০ চনৰ ২৯ মে’ৰ আবেলি এটা সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল লোকে ২২ বছৰীয়া দেৱাশিস গগৈ আৰু বন্ধু আদিত্য দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল।পিছত চিকিৎসালয়ত কৰুণ ভাৱে মৃত্যুক আকোঁৱালি লৈছিল দেৱাশিসে।হত্যাকাণ্ডত জড়িত ১৮ গৰাকী অভিযুক্ত কাৰাবন্দী হৈ আছিল আৰু আদালতে সকলো সাক্ষী বাদী গ্ৰহণ কৰি আজি ইয়াৰে ১১ জনক যাৱদজ্জীৱন কাৰদণ্ড বিহাৰ লগতে ৭ জনক ৰেহাই দিয়ে। পিতৃ মাতৃয়ে আদালতৰ ন্যায়ত সন্তোষ প্ৰকাশ কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.