মুখ্যমন্ত্ৰীৰ লক্ষ্য কিয় সদায় ৰাহুল গান্ধী?

Share This Article

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ টুইটাৰৰ জৰিয়তে আক্ৰমণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশ তেওঁৰ ম’বাইলত পেগাচাচ থকাৰ বিষয়টো উল্লেখ কৰাৰ লগতে ভাৰতত সুস্থ গণতন্ত্ৰৰ অভাৱ ঘটাৰ কথা উল্লেখ কৰিছিল।ইয়াৰ পিছতেই বিভিন্ন জনে সমালোচনা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এই ক্ষেত্ৰত পিছপৰি থকা নাই।কংগ্ৰেছ নেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰি ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে ‘বিদেশৰ ভূমিত ভাৰতক ৰাহুল গান্ধীয়ে লজ্জানত কৰিছে।কেবল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰিয়েই ৰাহুল গান্ধীয়ে এনে মন্তব্য কৰিছে।’ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কাশ্মীৰত সন্ত্ৰাসবাদী একেবাৰে ওচৰৰ পৰা দেখা বুলি উল্লেখ কৰিছিল।
ৰাহুল গান্ধীৰ বক্তৃতা সম্পৰ্কত বহু কেইটা টুইট কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।টুইটৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক প্ৰশ্ন কৰিছে ‘ যদি তেওঁ সন্ত্ৰাসবাদী দেখিছিলেই কিয় তেওঁ লগে লগে নিৰাপত্তা সংস্থাক বিষয়টো জনোৱা নাছিল?তেওঁ নিৰাপত্তা সংস্থাক নজনোৱাৰ বিষয়টোৱে আমাক ভাবিবলৈ বাধ্য কৰাইছে যে কংগ্ৰেছ আৰু সন্ত্ৰাসবাদীৰ মাজত হয়তো বুজাবুজি আছে ।’পুনৰ টুইটাৰ যোগে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ‘ আপুনি কেনেকৈ ভাৰতীয় সেনাক অপমান কৰাৰ সাহস কৰিলে?পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণটোৰ পিছত পাকিস্তানৰ হাত থকাৰ কথাটো তেওঁ উল্লেখ কৰা নাই।তাৰমানে কংগ্ৰেছ আৰু সন্ত্ৰাসবাদীৰ মাজত নিশ্চয় বুজাবুজি আছে ৷’উল্লেখ্য যে ৰাহুল গান্ধীয়ে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণক ‘কাৰ বোমা’ আখ্যা দিছিল।আন এক টুইটাৰ বাৰ্তাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰশ্ন কৰে ‘ প্ৰথমতে আমাক বিদেশী এজেণ্টে লক্ষ্য কৰি লয়৷ইয়াৰ পিছত আমাৰ নিজৰ বোৰেই বিদেশত আমাৰ দেশক আক্ৰমণ কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰিয়েই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেমব্ৰিজত ভাষণ দিছিল।’

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.