পঞ্চায়তত বিপৰ্যয়ৰ দিশে তৃণমূল

Share This Article

“RSS এ যদি আমাক ১% ও সমৰ্থন আগবঢ়ায়,আমি ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে যুঁজ দিয়াত সফল হ’ম ‘- এই মন্তব্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।অৱশ্যে মন্তব্যটো পুৰণি।পুৰণি মানে ২০০৩ চনৰ।সেই সময়ত মমতা বেনাৰ্জী আছিল বিৰোধীৰ আসনত আৰু বাওঁ দলৰ চৰকাৰ আছিল পশ্চিম বংগত।সেই সময়ত মমতা বেনাৰ্জীৰ দল আছিল এনডিএৰ সহযোগী।আনকি সেই সময়ত মমতা বেনাৰ্জী আৰু RSSৰ সম্পৰ্ক ইমানেই ঘনিষ্ঠ আছিল যে তেওঁক RSS নেতা তৰুণ বিজয়ে মঞ্চত পৰিচয় কৰাই দিছিল ‘বংগৰ দুৰ্গা’ বুলি।৩৪ বছৰীয়া শাসনৰ অন্ত পেলাই মমতা বেনাৰ্জীৰ দল ২০১১চনত পোন প্ৰথমবাৰ ক্ষমতালৈ আহিছিল।আজিৰ পৰা ২০ বছৰ আগতে বাওঁ দলক ক্ষমতাৰ পৰা আঁতৰাবলৈ যি RSS ,বিজেপিৰ সহায় বিচাৰিছিল মমতা বেনাৰ্জীয়ে,সেই বেনাৰ্জীকে আঁতৰাবলৈ এতিয়া RSS ,বিজেপিৰ সহায় লাগে বাওঁ দলক।পশ্চিম বংগত এপ্ৰিল -মে’ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।বিষয়টো এতিয়া বিচাৰাধীন হৈ থকাৰ বাবে তাৰিখ ঘোষণা কৰা হোৱা নাই।ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ’ব।পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল,বাওঁ দল আৰু বিজেপিয়ে চলাইছে সম্পূৰ্ণ প্ৰস্তুতি।পঞ্চায়ত নিৰ্বাচনৰ ওপৰত বহু পৰিমাণে লোকসভাৰ নিৰ্বাচনৰ ফলাফল নিৰ্ভৰ কৰে।তৃণমূল কংগ্ৰেছক পৰাজিত কৰিবলৈ মন বন্ধা বাওঁ দলে বিজেপিৰ লগত মিত্ৰতা কৰি হ’লেও ক্ষমতা দখল কৰাৰ বাবে বদ্ধপৰিকৰ।বাওঁ দলেই নহয়,বহু ঠাইত কংগ্ৰেছেও মমতা বেনাৰ্জীক পৰাভূত কৰাৰ স্বাৰ্থত লগ লাগিব বিজেপিৰ।বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে কংগ্ৰেছ আৰু বাওঁ দলৰ লগত পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কয় যে ‘এনে ধৰণৰ চুক্তি স্থানীয় লেভেলতহে হৈছে।’গাঁৱৰ নেতাসকলে সিদ্ধান্ত ল’ব তেওঁলোকে কাক জয়ী কৰাব বিচাৰে।আনহাতে,পশ্চিম বংগৰ কংগ্ৰেছ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় ‘এনেকুৱা মিত্ৰতা হয়তো স্থানীয় স্তৰত হ’ব পাৰে৷স্থানীয় পৰ্যায়ত আমাৰ নিয়ন্ত্ৰণ নাই।মানুহবোৰে ইজনে সিজনৰ লগত কথা পাতি সিদ্ধান্ত লয়।একনায়কত্ববাদী শাসন ইমানেই বাঢ়িছে যে সকলোৱে মনেপ্ৰাণে তৃণমূলক আঁতৰোৱাৰ কথা ভাবিছে।’জ্যেষ্ঠ সাংবাদিক স্নিগ্ধেন্দু ভট্টাচাৰ্যই কয় ‘ পঞ্চায়ত নিৰ্বাচন সাধাৰণতে দলৰ নিজৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিহে অনুষ্ঠিত হয়।এইবাৰ চৰকাৰৰ বিৰুদ্ধে বহুত অভিযোগ আছে৷শিক্ষক নিযুক্তিৰ পৰা কয়লা আৰু গৰুৰ চোৰাং সৰবৰাহলৈকে বিভিন্ন অভিযোগ তৃণমূলৰ বিৰুদ্ধে।কিন্তু যদি নিৰ্বাচনৰ মাজত পশ্চিমবংগত হিংসাত্মক ঘটনা সংঘটিত হয় তেন্তে পঞ্চায়ত নিৰ্বাচনত জয়ী হ’ব তৃণমূল।কিয়নো বিগত নিৰ্বাচনত জয়ী হৈছিল তৃণমূল ।আনহাতে লোকসভাত কেন্দ্ৰীয় সংস্থাসমূহ নিয়োজিত হোৱাৰ বাবে ভাল ফলাফল নহ’ল তৃণমূলৰ।পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ আগত এটা শ্লোগান ভাইৰেল হৈছিল।’দাদা দিল্লীত,দিদি পশ্চিম বংগত।বিজেপিৰ ৰাজ্যিক সভাপতিক তেওঁলোকে পঞ্চায়তত মমতা বেনাৰ্জীক ৱাক অভাৰ দিব আৰু মমতা বেনাৰ্জীয়ে ইয়াৰ বিনিময়ত লোকসভাত সহায় কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় তেওঁ আমাক কেনেকৈ সহায় কৰিব?এইবোৰ গুৰুত্বহীন বাতৰি।বিজেপিৰ মুখপাত্ৰ সমিক ভট্টাচাৰ্যই কয় যে বিজেপিয়ে নিজাববীয়াকৈ নিৰ্বাচনত নামিব।বৰ্তমান তৃণমূল কংগ্ৰেছৰ অৱস্থা ইমানেই বেয়া যে গাঁৱত তেওঁলোকৰ মানুহ সোমাব নোৱাৰে।গতিকে তেওঁলোকৰ গত্যন্তৰ নাই এইবাৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.