ভাইৰেল মৃত মহিলাৰ হত্যাৰ সন্দেহত গ্ৰেপ্তাৰ সেনাবিষয়া

Share This Article

তেজপুৰত অৱস্থিত সেনা বাহিনীৰ ফ’ৰক’ৰৰ জনসম্পৰ্ক ৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।হত্যাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সেনাবাহিনীৰ এগৰাকী জনসম্পৰ্কৰক্ষী বিষয়াক। লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। সেনা বাহিনীৰ বিষয়াগৰাকীক শুকুৰবাৰে চাংসাৰি আৰক্ষীয়ে তেজপুৰ আৰক্ষীৰ সহযোগত তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰ্তমান সেনা বিষয়াগৰাকীক তেজপুৰৰ সেনাবাহিনীৰ চতুৰ্থ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ জিম্মাত ৰখা হৈছে। যোৱা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীৰ সময়তে চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।এই মহিলা গৰাকীৰ হত্যাত জড়িত থকাৰ সন্দেহতে গ্ৰেপ্তাৰ কৰা হৈছে সেনা বিষয়া গৰাকীক।উল্লেখ্য যে বিগত ১৪ ফেব্ৰুৱাৰীত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল ৩১নং ঘাইপথৰ দাঁতিত। কামৰূপ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি পৰিচয় বিচাৰিছিল।শনিবাৰে গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ পৰা মহিলাগৰাকী বৰ্হিৰাজ্যৰ বুলি জানিব পৰা গৈছে।।মৃত মহিলা গৰাকীৰ লগত ঘনিষ্ঠ আছিল এই সেনা বিষয়াগৰাকী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.