নিলম্বিত পৰীক্ষা নিয়ন্ত্ৰণক হত্যা !

Share This Article

বিগত সপ্তাহত অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয়টোক লৈ উত্তপ্ত হৈছিল অৰুণাচল প্ৰদেশ।লোকসেৱা আয়োগৰ এই ভয়ংকৰ কাণ্ডক লৈ গৰজি উঠিছিল ৰাজ্যখনৰ বিভিন্ন দল -সংগঠনৰ লগতে সাধাৰণ জনতা।আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছিল ইণ্টাৰনেট সেৱাও।বিগত সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৰাজ্যখনৰ বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ কথা আছিল।তাৰ পূৰ্বে দেওবাৰে পুৱাৰ ভাগলৈকে উত্তপ্ত হৈ থকা অৰুণাচলী লোকক শান্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে প্ৰতিবাদী সংগঠনবোৰৰ লগত বৈঠকত মিলিত হৈ সকলো দাবী মানি লয় আৰু লোকসেৱা আয়োগৰ পৰীক্ষাৰ তদন্ত জোৰদাৰ গতিত চলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।ইয়াৰ পিছত পৰিস্থিতি শান্ত হয় যদিও শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগৰ নিলম্বিত সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক টুমী গংকাকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই বিষয়টো পুনৰ ৰহস্যৰ আৱৰ্তলৈ লৈ যায়।ৰাজধানী চহৰ ইটানগৰৰ পোমাৰ পথৰ দাঁতিৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।বিগত ২২ফেব্ৰুৱাৰীত বিয়লি চিবিআয়ে গংকাকক সোধপোছৰ বাবে তলব কৰিছিল।তাৰপিছৰ পৰাই সন্ধানহীন হৈ আছিল বিষয়াজন।কোনো লোকে গছত ওলমি থকা মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত পৰিয়ালে চিনাক্ত কৰে মৃতদেহটো।দুয়োখন হাতৰ স্নায়ু কটা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰা এয়া আত্মহত্যা নে হত্যাকাণ্ড ঠাৱৰ কৰিব পৰা নাই আৰক্ষীয়ে ।আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.