মিছাৰেই আৰম্ভ কৰি মিছাৰেই শেষ নেকি প্ৰধানমন্ত্ৰীৰ ভাষণ?

Share This Article

২০১৮ চনৰ পৰা নগা শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ এইবাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাগালেণ্ডত শান্তি স্থাপন কৰা।বিগত ৫ টা বছৰে শান্তি চুক্তিত সন্নিবিষ্ট বিষয় সমূহ ৰাজহুৱা কৰাত ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰে এইবাৰো নাগালেণ্ডত যেন পুৰণি বটলত নতুন মদ লৈ ভোটাৰক আকৰ্ষণ কৰাৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নাই।শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগালেণ্ডৰ এক নিৰ্বাচনী সভাত অংশ লৈ কয় ‘ দেশ এখন শান্তিৰে চলাবলৈ দেশৰ মানুহখিনিক সন্মান কৰিব লাগিব আৰু তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰিব লাগিব।ইয়াৰ আগতে উত্তৰ পূবত চলিছিল বিভাজনৰ ৰাজনীতি কিন্তু এতিয়া ইয়াত স্বৰ্গীয় শাসন চলি আছে।বিজেপিয়ে কেতিয়াও মানুহক ধৰ্মৰ ভিত্তিত বিভাজিত নকৰে।’কংগ্ৰেছে নাগালেণ্ডত ৰিম’ট কণ্ট্ৰোলেৰে শাসন চলাইছিল।দিল্লীৰ পৰা ডিমাপুৰলৈ বংশানুক্ৰমিক শাসন চলাইছিল বুলিও সমালোচনা কৰে কংগ্ৰেছক।প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় ‘বিজেপি চৰকাৰে তিনিটা মূলমন্ত্ৰ লৈ নাগালেণ্ডত শাসন চলাব৷সেয়া হ’ল শান্তি,উন্নয়ন আৰু প্ৰগতি।’উল্লেখ্য যে নাগালেণ্ডত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.