সন্তান বিচাৰে ৰাহুল গান্ধীয়ে !

Share This Article

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ৰাজহুৱা কৰিছে নিজৰ ব্যক্তিগত জীৱনৰ বহু গোপন কথা!তেওঁঁৰ পিতৃ তথা আইতাকৰ লগত কেনেকুৱা সম্পৰ্ক আছিল সেই বিষয়েও স্পষ্টকৈ কৈছে কংগ্ৰেছ নেতাজনে।ইটালীৰ এখন জনপ্ৰিয় সংবাদপত্ৰ ‘কৰিয়াৰে ডেলা চেৰা’ৰ লগত হোৱা সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে তেওঁ জীৱনত কাহানিও নোকোৱা বহুবোৰ কথাই প্ৰকাশ কৰিছিল।সাক্ষাৎকাৰটোত ৰাহুল গান্ধীয়ে কৈছিল যে তেওঁৰ আইতাক ইন্দিৰা গান্ধী আছিল তেওঁৰ সবাতোকৈ প্ৰিয়।পুৰণি দিনৰ এক মধুৰ স্মৃতি সোঁৱৰণ কৰি ৰাহুল গান্ধীয়ে কয় ‘ মই পালেং শাক আৰু মটৰ খাই বেয়া পাইছিলোঁ।কিন্তু মোৰ দেউতা ৰাজীৱ গান্ধী এই ক্ষেত্ৰত অতি কঠোৰ আছিল আৰু তেওঁ মোৰ প্লেটত থকা সকলো খাদ্য শেষ নকৰাকৈ উঠিবলৈ দিয়া নাছিল।মোৰ আইতাই সেই সময়ত পেপাৰখন মেলি পঢ়াৰ ভাও ধৰিছিল আৰু মোক কৈছিল ‘ ৰাহুল এই ফালে চোৱা আৰু এইটো পঢ়া।এইটো আচলতে মোক সকাহ দিয়াৰ ছিগনেলহে আছিল।মই লগে লগে তেওঁৰ প্লেটত পালেং শাক আৰু মটৰবোৰ থৈ দিছিলোঁ।’ৰাহুল গান্ধীয়ে লগতে কয় যে তেওঁৰ আইতাকে জানিছিল যে তেওঁ শীঘ্ৰেই হত্যাৰ বলি হ’ব।তেওঁ আনকি ব্যক্তিগতভাৱেও ৰাহুল গান্ধীক সেই দিনটোত নাকান্দিবলৈ কৈছিল।অন্ততঃ ‘ৰাজহুৱা স্থানত নাকান্দিবলৈ কৈছিল।’আনকি সেই সাক্ষাৎকাৰটোতেই তেওঁ পিতৃ ৰাজীৱ গান্ধী সম্পৰ্কতো কৰিছিল এক অবিশ্বাস্য স্বীকাৰোক্তি।তেওঁৰ পিতৃয়েও খুব কম দিনৰ ভিতৰত LTTE ৰ হাতত তেওঁ প্ৰাণ হেৰুৱাব বুলি জানিছিল।পিতৃৰ হত্যাকাণ্ড সম্পৰ্কত ৰাহুল গান্ধীয়ে কয় ‘ মই নাজানো তেওঁ LTTE বুলি জানিছিল নে নাই,কিন্তু তেওঁ কিবা এটা শক্তি,কিবা বিশেষ উদ্দেশ্য লৈ তেওঁৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ খবৰ পাইছিল৷সেই শক্তিয়ে তেওঁৰ জীৱন ল’ব বুলি তেওঁ জানিছিল।’তেওঁ নিজৰ জীৱনক লৈয়ো শংকিত নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয় ‘ ইয়াত ভয়ৰ কথা নাই৷মই মোৰ কৰিবলগীয়াখিনি কৰি যাম।’নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ নিজৰ সন্তান থাকিলে তেওঁ সুখী হ’লহেঁতেন কিন্তু তেওঁ ৫২ বছৰলৈকে কিয় বিবাহপাশত আৱদ্ধ হোৱা নাই নিজেও নাজানে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.