১০০ বাৰ কঁপিছিল তুৰস্ক

Share This Article

৬ ফেব্ৰুৱাৰী !বিশ্ব ইতিহাসৰ এক ক’লা দিন।সময় পুৱা ৪ বাজি ১৫ মিনিট।জনতাক জগালে এক ভয়ংকৰ জোঁকাৰণিয়ে নিদ্ৰামগ্ন জনতাই ভবাই নাছিল।সেই দিনটোতেই তেওঁলোকৰ সুখ নিদ্ৰাৰ অন্ত পৰিব। ভোকে -লঘোণে পাৰ কৰিব লাগিব অনাগত দিনবোৰ।হয়,দুখন দেশৰ জনতাৰ বাবে সেই নিশাই আছিল সুখৰ শেষ নিশা।৭.৮ প্ৰাবল্যৰ এক কম্পনে জোঁকাৰি জগাইছিল জনতাক৷তাৰ পিছত মুঠ ১০০ বাৰ কঁপিছিল দেশ দুখন৷মৃত্যুৰ সংখ্যাই ইতিমধ্যে ৪১ হাজাৰৰ ঘৰ স্পৰ্শ কৰিলে৷বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকা ৫০ হাজাৰতকৈয়ো অধিক হ’ব এই মৃত্যুৰ সংখ্যা।আমেৰিকাৰ জিঅ’লজিকেল চাৰ্ভেই জনাইছে ৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ উৎপত্তিস্থল গাজিয়ান টোপৰ পৰা ৩৩ কিলোমিটাৰ নিলগত আৰু ভূপৃষ্ঠৰ পৰা ১৮ কিলোমিটাৰ তলত।ছিৰিয়াৰ ভূমিকম্প জৰীপ কেন্দ্ৰৰ প্ৰধান ৰায়েদ আহমেদে জনায় যে ইয়াৰ আগতে ইমান প্ৰবল ভূমিকম্প দেশখনত কেতিয়াও হোৱা নাছিল।ভূমিকম্পৰ মাত্ৰা যেতিয়াৰ পৰা দেশখনত জোখা হৈছে তেতিয়াৰ পৰা ইমান ভয়ংকৰ ভূমিকম্পৰ তথ্য ৰেকৰ্ড হোৱা নাই।ভূমিকম্পৰ ফলত তুৰস্কৰ মুঠ ১০ খন চহৰ ভয়ংকৰভাৱে বিধ্বস্ত হৈছে।তুৰস্কৰ গাজিয়ান ষ্ট্ৰীপৰ প্ৰায় ২২০০ বছৰ পুৰণি প্ৰসাদো ধ্বংসৰ গৰাহত পৰিছে।তুৰস্কত এইবাৰেই প্ৰথম ভূমিকম্প হোৱা বুলি ক’লে ভুল হ’ব৷২০২০ বৰ্ষত মুঠ ৩৩ হাজাৰ বাৰ কঁপিছিল তুৰস্ক।ৰিখটাৰ স্কেলত ৩৩২টা ভূমিকম্পৰ প্ৰাবল্য ৪ তকৈ বেছি আছিল।প্ৰকৃতাৰ্থত তুৰস্ক টেকটনিক প্লেটৰ ওপৰত অৱস্থিত৷১৯৯৯ চনত তুৰস্কত আন এক প্ৰবল ভূমিকম্পৰ কম্পন অনুভূত হৈছিল৷ইয়াৰ প্ৰাবল্য আছিল ৭.৪ আৰু ৭ ।এই ভূমিকম্পত মুঠ ১৮ হাজাৰ লোকৰ মৃত্যু হৈছিল।আহত হৈছিল প্ৰায় ৪৫ হাজাৰ জন।আনহাতে,২০১১চনত তুৰস্কত হোৱা ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পত প্ৰায় ৫০০ লোকৰ মৃত্যু হৈছিল।তুৰস্কৰ ৯৫% অঞ্চলেই ভূমিকম্পপ্ৰৱণ৷২০১৩ চনৰ পৰা ২০২২ চনৰ সময়চোৱাত তুৰস্কত মুঠ ৩০ হাজাৰ ৬৭৩ টা ভূমিকম্পৰ কম্পন অনুভূত হৈছে।১৯৩৯ চনত ৮ প্ৰাবল্যৰ এক ভূমিকম্পই দেশখনৰ মুঠ ২০ হাজাৰ লোকৰ প্ৰাণ লৈছিল৷মুঠ ১ লাখ ১৬ হাজাৰ ৭২০ টা বাসগৃহ ধ্বংস হৈছিল উক্ত ভূমিকম্পত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.