বন্দী ‘অপৰাধী’ হ’ল টপাৰ

Share This Article

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী এজন যুৱকে স্নাতকোত্তৰ পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে ২০১৯ চনত গুৱাহাটীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আছিল যুৱকজন।২৯ বছৰীয়া সঞ্জীৱ তালুকদাৰ নামৰ যুৱকজন ছাত্ৰ সংগঠনৰ এজন প্ৰাক্তন নেতা আছিল।২০১৯ চনৰ বোমা বিস্ফোৰণত ১২ জন লোক আহত হৈছিল আৰু এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত আন ৩ গৰাকী ব্যক্তিৰ লগতে সঞ্জীৱ তালুকদাৰো গ্ৰেপ্তাৰ হৈছিল।সেই একেটা বৰ্ষতে গোচৰটো নিয়াৰ আদালতলৈ প্ৰেৰণ কৰা হয়।নিয়াৰ আদালতে সঞ্জীৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ,বেআইনী কামকাজ আৰু মূল অভিযুক্ত গৰাকীক সহযোগিতা কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে৷কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা তেওঁ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ সকলো কাৰাগাৰতে পৰীক্ষা কেন্দ্ৰ আছে৷বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে সঞ্জীৱ তালুকদাৰক গ’ল্ড মেডেল প্ৰদান কৰে। সঞ্জীৱে উদ্ভিদ বিজ্ঞানত এম ফিল ডিগ্ৰীৰ বাবে পঢ়াশুনা কৰি আছিল গ্ৰেপ্তাৰৰ সময়ত কিন্তু লেবৰটৰীৰ সুবিধা নথকাৰ বাবে তেওঁ এম ফিল ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে।সঞ্জীৱ তালুকদাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পষ্ট গ্ৰেজুৱেট ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.