মেক্সিকোত অঘটন

Share This Article

মেক্সিকোৰ কাৰাগাৰত এজন অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত কাৰাগাৰখনৰ ১০ জন গাৰ্ড আৰু ৪ গৰাকী লোকৰ মৃত্যু হৈছে।চিহোৱাহোৱা ষ্টেট প্ৰজিকিউটৰ গৰাকীৰ মতে দেওবাৰে পুৱা ৭ বজাত এক গাড়ী অস্ত্ৰশস্ত্ৰ লৈ কাৰাগাৰৰ সন্মুখত উপস্থিত হৈছিল এখন গাড়ী।বন্দুকধাৰী ব্যক্তিজনে কাৰাগাৰৰ সন্মুখত ঠিয় হৈ যধেমধে গুলীওৱাৰ ফলত মুঠ ১৪ গৰাকী লোক নিহত হোৱাৰ লগতে ১৩ গৰাকী গুৰুতৰভাৱে আহত হৈছে।উল্লেখ্য যে মেক্সিকোৰ কাৰাগাৰত এনে আক্ৰমণৰ ঘটনা এয়ে প্ৰথম নহয়৷বিগত আগষ্ট মাহত সেই একেটা কাৰাগাৰতে সংঘটিত বন্দুকধাৰীৰ আক্ৰমণত মুঠ ১১জন লোকৰ মৃত্যু হৈছিল।তদুপৰি মেক্সিকোৰ কৰ্তৃপক্ষৰ মেক্সিকোৰ কাৰাগাৰৰ ওপৰত নিয়ন্ত্ৰণ সীমিত৷কাৰাগাৰৰ ভিতৰত প্ৰায়ে বন্দীসকলৰ ভিতৰত মাৰপিটৰ ঘটনা সংঘটিত হৈ থাকে।দেওবাৰৰ ঘটনাটোৰ আগতে মিউনিচিপাল আৰক্ষীৰ ওপৰতো অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণ কৰিছিল।অৱশ্যে পিছত আৰক্ষীয়ে গুলীয়াই দুয়োজন বন্দুকধাৰীকে হত্যা কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.