সাৰ্বভৌমত্ব মানিলেহে শান্ত হ’ব ৰাছিয়া

Share This Article

বৃহস্পতিবাৰে পুৱাই ৰাছিয়াই ড্ৰোণেৰে আক্ৰমণ আৰম্ভ কৰে ইউক্ৰেইনৰ প্ৰধান চহৰ কিভ,এলভিভত।ইউক্ৰেইনৰ বায়ু সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘বায়ু আৰু সমুদ্ৰ দুয়ো পৃষ্ঠৰ পৰা মিছাইলেৰে আক্ৰমণ চলাই য’ত অত্যন্ত উচ্চ প্ৰযুক্তিসম্পন্ন এয়াৰক্ৰাফট আৰু জাহাজ প্ৰয়োগ হৈছে।’ৰাছিয়াই এই আক্ৰমণত ইউক্ৰেইনৰ প্ৰধান তথা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সমূহ লক্ষ্য হিচাপে লৈছে।উল্লেখ্য যে বিগত অক্টোবৰ মাহৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আকাশ মাৰ্গ অথবা সমুদ্ৰপৃষ্ঠইদি আক্ৰমণ চলোৱা আৰম্ভ কৰিছে।উল্লেখযোগ্য যে পদাতিক সৈন্যৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাছিয়াৰ সামৰিক বাহিনী।অৱশ্যে ইউক্ৰেইনৰ সেনাই বৃহস্পতিবাৰৰ ৰাছিয়াৰ মিছাইল আক্ৰমণক কিছুক্ষেত্ৰত প্ৰতিহত কৰিব পাৰিলেও কিছুসংখ্যক মিছাইলে ইয়াৰ লক্ষ্যত উপনীত হৈছে।এনে মিছাইলেই ইউক্ৰেইনৰ প্ৰধান চহৰবোৰৰ বিদ্যুত আৰু পানী যোগান সম্পূৰ্ণভাৱে ব্যাহত কৰি পেলাইছে৷বিদ্যুত আৰু পানী যোগান ব্যাহত হোৱাত দেশখনৰ সাধাৰণ নাগৰিক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।বৃহস্পতিবাৰে পিছবেলা দেশখনৰ বায়ুসেনা বিভাগৰ প্ৰতিৰক্ষা বিভাগটো সক্ৰিয় কৰা হয়৷ইয়াৰ পিছতেই মিছাইল আক্ৰমণৰ শব্দ পুনৰ শুনিবলৈ পোৱা বুলি জনাই বিভাগটোৱে।ইউক্ৰেইনৰ দ্বিতীয় সৰ্ববৃহৎ নগৰ খাৰকিভতো যথেষ্ট বিস্ফোৰণৰ শব্দ শুনা গৈছে৷আনহাতে,প’লেণ্ডৰ দাঁতিকাষৰীয়া এলভিভ নগৰতো বিছিন্ন হৈছে বিদ্যুত আৰু পানীৰ যোগাযোগ।এলভিভ চহৰখনৰ ৯০% অঞ্চল সম্পূৰ্ণৰূপে অন্ধকাৰত ডুব গৈছে৷বিদ্যুতচালিত সকলো বাহন পথতেই স্থবিৰ হৈ পৰিছে।ব্লেক চিৰ ওপৰত ইতিমধ্যে ৫ টা মিছাইল বিধ্বস্ত কৰা হৈছে৷কিভৰ দুটা প্ৰকাণ্ড অট্টালিকা বিধ্বস্ত হৈছে।তদুপৰি এখন ঔদ্যোগিক অঞ্চল আৰু বিশাল খেলপথাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে এই মিছাইল আক্ৰমণত।ডিচেম্বৰ মাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ সুৰক্ষাৰ বাবে আমেৰিকাই পেট্ৰিয়ট মিছাইল বেটেৰী যোগান ধৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিৰ উপদেষ্টা পদ’লিয়াকে কয় ৰাছিয়াই ইউক্ৰেইনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি ধ্বংস কৰাটোক মূল লক্ষ্য হিচাপে লৈছে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমাইত্ৰ’ কুলেবাই কয় যে তেওঁৰ দেশে শান্তি বিচাৰিছে৷ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুণ্টেৰছৰ মধ্যস্থতাত আগন্তুক দুটা মাহৰ ভিতৰত শান্তি আলোচনা কৰাটো বিচাৰিছে ইউক্ৰেইন প্ৰশাসনে। ইউক্ৰেইনে ৰাষ্ট্ৰসংঘৰ জৰিয়তে মধ্যস্থতা কৰি শান্তি সন্মিলন পতা বিষয়টো সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীয়ে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী মাৰিয়া জাখৰ’ভাৰ মতে এই সন্মিলনত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাটো ৱাশ্বিংটন প্ৰশাসনৰ জনপ্ৰিয়তা লাভ কৰাৰ এক কৌশলহে ।ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মতে শান্তি ঘূৰি আহিবলৈ কীভ প্ৰশাসনে ৰাছিয়াৰ সাৰ্বভৌমত্বক স্বীকাৰ কৰিব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.