অভিনেত্ৰীক হত্যা

Share This Article

জনপ্ৰিয় অভিনেত্ৰীক গুলীয়াই হত্যা ।ৰাষ্ট্ৰীয় ঘাইপথত হত্যা ইশা আলিয়াক।পশ্চিম বংগৰ হাওৰাত সংঘটিত এই হত্যাকাণ্ড।ৰাঁচীৰ পৰা কলকাতালৈ গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰে অভিনেত্ৰীগৰাকীক।হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত গাড়ীখনত তেওঁৰ স্বামী প্ৰকাশ কুমাৰ আৰু ৩ বছৰীয়া কন্যাও আছিল।অভিযোগ অনুসৰি পৰিয়ালটো কলকাতা অভিমুখে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৰাঁচীৰ পৰা আহি আছিল৷তেওঁলোকে এক জনশূণ্য এলেকাত পুৱা ৬ বজাত গাড়ী ৰাখি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব বিচাৰিছিল।৩ টা ডকাইতে তেওঁলোকৰ ওপৰত আক্ৰমণ চলালে।ইশাই বাধা দিব খোজাত তেওঁক শূণ্য দূৰত্বৰ পৰা গুলীয়াই ডকাইতৰ দলটোৱে।প্ৰয়াত ইশা ঝাৰখাণ্ডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল৷তেওঁৰ স্বামী প্ৰকাশ কুমাৰ ঝাৰখাণ্ড চলচ্চিত্ৰৰ নিৰ্দেশক।অভিনেত্ৰীগৰাকীৰ স্বামী প্ৰকাশ কুমাৰে কয়“মোৰ পত্নী আৰু কন্যা সেই সময়ত গাড়ীত বহি আছিল।মই নামি আছিলোঁ৷ডকাইত কেইটাই মোৰ মাণিবেগটো কাঢ়িব খোজোতে মোৰ পত্নীয়ে বাধা দিছিল,তাতে ক্ষুণ্ণ হৈ গুলীয়াইছিল ডকাইতকেইটাই।”স্থানীয় লোকৰ মতে সেই স্থানত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হয়।অঞ্চলটো প্ৰায় জনশূণ্য ৷ঘটনাটো সংঘটিত হোৱা স্থানৰ পৰা ২কিলোমিটাৰ আঁতৰলৈকে কোনো মানুহ নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.