গোলাঘাটৰ ‘কমাৰগাঁও উল্কাপিণ্ড’ই আনিছে পৃথিৱীৰ সৃষ্টি ৰহস্য

পৃথিৱীৰ জন্ম ৰহস্য কি? পৃথিৱীৰ বয়স কিমান? বিজ্ঞানী সকলে দীৰ্ঘদিন ধৰি এই সন্দৰ্ভত কৰি আহিছে গৱেষণা। বিশ্বৰ মানৱ সমাজো এই সন্দৰ্ভত অতিকৈ উৎসুক।এতিয়া পৃথিৱীৰ জন্ম ৰহস্যৰ সূত্ৰ উলাইছে অসমত।পৃথিৱীৰ জন্ম ৰহস্য আছে গোলাঘাটৰ কমাৰগাঁৱত।বিশ্বত খলকনি লগাইছে ‘কমাৰগাঁও উল্কাপিণ্ড’ই।’কমাৰগাঁও উল্কাপিণ্ড’তে আছে পৃথিৱীৰ বয়স।বিশ্বৰ বিজ্ঞানী সমাজলৈ এই ‘কমাৰগাঁও উল্কাপিণ্ড’ই আনিছে নতুন বাৰ্তা।পৃথিৱীৰ সৃষ্টিৰ ৰহস্যৰ কথা জানিবলৈ কোটি কোটি লোকে সদায় চেষ্টা কৰি আহিছে। কিন্তু আপুনি জানি আচৰিত হ’ব যে পৃথিৱীৰ জন্মৰ ৰহস্য ওলাইছে এইখন অসমৰ গোলাঘাটৰ কমাৰগাঁৱত।এই ৰহস্যৰ আঁৰৰ কথা জানিবলৈ আপুনি সাত বছৰৰ পাছলৈ উভতি যাব লাগিব।১৩ নৱেম্বৰ ২০১৫। স্থান গোলাঘাট জিলাৰ কমাৰগাঁৱৰ মহুৰামুখ।উক্ত দিনটোতে দুপৰীয়া প্ৰায় ১২ বজাত মহাকাশৰ পৰা মহুৰামুখৰ গেলাবিল নদীৰ বালিচৰত পৰিছিল এডোখৰ উল্কাপিণ্ড।ওজন আছিল প্ৰায় ১২,০৯৫ কিল’গ্ৰাম। বিজ্ঞানীসকলে এই উল্কাপিণ্ডৰ নাম ৰাখে কমাৰগাঁও উল্কাপিণ্ড। বিগত সাত বছৰে অনেক গৱষণা কৰাৰ অন্তত কমাৰগাঁও উল্কাপিণ্ডই পৃথিৱীৰ বয়স আৰু জীৱ সৃষ্টিৰ ৰহস্য ভেদ কৰিব বুলি দাবী কৰিছে বিজ্ঞানীসকলে। খড়গপুৰ আই আই টিৰ বিজ্ঞানীসকলে উল্কাপিণ্ডৰ এই শিলাখণ্ডৰ গৱেষণা কৰি দাবী কৰিছে যে শিলাখণ্ডটোৰ ভিতৰত থকা বায়ুকোষৰ জৰিয়তে পৃথিৱীৰ বয়স নিৰ্ণয় কৰিব পৰা যাব। এই সন্দৰ্ভত খড়গপুৰ আই আই টিৰ ভূতত্ব আৰু ভূবিজ্ঞান বিভাগৰ বিজ্ঞানীৰ লগতে জাপানৰ হিৰোছিমা বিশ্ববিদ্যালয় তথা আহমেদাবাদৰ ফিজিকেল ৰিচাৰ্ছ লেবৰেটৰীৰ বিজ্ঞানীয়েও পৰীক্ষা কৰে আৰু সেই সন্দৰ্ভত গৱেষণা কৰে।এই গৱেষণাৰ জৰিয়তে লাভ কৰা ফলাফল জিঅ’ফিজিকেল ৰিচাৰ্ছ প্লেনেট নামৰ আন্তঃৰাষ্ট্ৰীয় জাৰ্নালতো প্ৰকাশ কৰা হৈছে। উক্ত জাৰ্নালতো প্ৰকাশিত গৱেষণা পত্ৰখনত দাবী কৰা হৈছে যে কমাৰগাঁও উল্কাপিণ্ড হিচাপে নামকৰণ কৰা এই শিলাখণ্ডটো স্বাভাৱিক শিলাখণ্ডৰ দৰে নহয়। কাৰণ এই শিলাখণ্ডটোৰ মূল উল্কা পৰিধিৰ আকাৰ ৬.৪ কিল’মিটাৰ আছিল। আন এটা উল্কাৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এটা অংশ ভাগি আহি পৃথিৱীত পৰেহি। উক্লাপিণ্ডটোৰ অৱস্থিতি আছিল মঙল আৰু বৃহস্পতিগ্ৰহৰ মাজত। অধ্যয়নৰ জৰিয়তে উল্কাপিণ্ডটোৰ ভিতৰত বায়ুকোষৰ সন্ধান পোৱাৰ পাছতে বিজ্ঞানীসকলৰ আকৰ্ষণ বৃদ্ধি পায়। বিগত সাত বছৰ ধৰি নিৰৱচ্চিন্ন গৱেষণা কৰাৰ পাছত সেয়ে বিজ্ঞানীসকলৰ দাবী—উল্কাপিণ্ডটোৰ জৰিয়তে পৃথিৱীৰ বয়স কিমান আৰু সৃষ্টি কেনেকৈ হৈছিল তাৰ সন্ধান উলিয়াব পৰা যাব।তদুপৰি পৃথিৱীত জীৱ সৃষ্টিৰ ৰহস্যও উল্কাপিণ্ডটোৰ জৰিয়তে উলিয়াব পৰা যাব বুলি গৱেষণা পত্ৰখনত কোৱা হৈছে। ভাৰত আৰু জাপানৰ বিজ্ঞানীয়ে যৌথভাৱে কৰা গৱেষণাত পৃথিৱীৰ সৃষ্টি আৰু বয়সৰ অনেক তথ্য উদ্ধাৰ কৰা হৈছে।যি তথ্যৰ প্ৰাথমিক ধাৰণা গৱেষণা পত্ৰখনতো উল্লেখ কৰা হৈছে। অৱশ্যে উল্কাপিণ্ডটোৰ সন্দৰ্ভত আৰু গৱেষণাৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হৈছে। কিন্তু গৱেষণাত জড়িত বিজ্ঞানীসকল নিশ্চিত হৈছে যে গোলাঘাটৰ কমাৰগাঁও উল্কাপিণ্ডই বিশ্ববাসীক দিব বহু অজানা আৰু অনাবিষ্কৃত তথ্য। হয়তো সেই দিনলৈ আৰু বেচি দিনলৈ বাট চাব নালাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *