চীনত সংহাৰী ৰূপ ক’ভিডৰ

Share This Article

ক’ভিডৰ নতুন শক্তিশালী ভেৰিয়েন্ট BF.7 ৷ BF.7 ভেৰিয়েন্টৰ দ্বাৰা এবাৰতে সংক্ৰমিত হ’ব পাৰে ১৮ জনকৈ লোক। চীনত ক’ভিডৰ শক্তিশালী নতুন ভেৰিয়েন্টৰ সংহাৰ আৰম্ভ হৈছে ।এজন ৰোগীৰ পৰা সংক্ৰমিত হৈছে ১৮ জনকৈ লোক!কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবালবৃদ্ধবনিতা সকলো আক্ৰান্ত হৈছে দেশখনত। এক ভয়াবহ পৰিৱেশ পুনৰ চীনত। চিকিৎসকৰ সন্মুখত চিকিৎসাৰ বাবে আঁঠুকাঢ়ি ভিক্ষা কৰিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে চুবুৰীয়া দেশ চীনত। বেড খালী নাই আইচিইউত। মজিয়াত ৰোগী থৈ চিকিৎসা কৰিবলগীয়া অৱস্থা চীনৰ জনতাৰ। চীনৰ শেহতীয়া কৰ’নাৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমনে পুনৰ বিশ্বক মনত পেলাই দিছে ক’ভিড বিধ্বস্ত সেই ২০২০ চনৰ কথা। চীনৰ পৰিবেশ ইমানেই অৱনমিত হৈছে যে চিকিৎসালয়ত খালী নাই ঠাই। পাবলৈ নোহোৱা হৈ আহিছে প্ৰয়োজনীয় ঔষধ।বেইজিঙৰ সৰ্ববৃহৎ শ্মশানত ২৪ ঘণ্টা ধৰি একেৰাহে চলিছে শেষকৃত্য। ক’ভিড বিশেষজ্ঞসকলৰ মতে শক্তিশালী ৰূপত অহা নতুন ভেৰিয়েন্ট BA.5.2.1.7এ সংহাৰ আৰম্ভ কৰিছে দেশখনত। চীনত ক’ভিডৰ কঠোৰতা শিথিল হোৱাৰ পাছতেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে নতুন শক্তিশালী ভেৰিয়েন্টটোৱে। বিশেষজ্ঞ সকলৰ ক’ভিডৰ আটাইতকৈ শক্তিশালী ভেৰিয়েন্ট এই BF.7…চিকিৎসালয়ত পৰি ৰৈছে শাৰী শাৰী মৃতদেহ ৷ ফাৰ্মাছীৰ সন্মুখত অভাৱনীয় শাৰী ৷ চিকিৎসালয়ত নাই বিচনা, আলুৰে শিশুৰ জ্বৰ কমোৱাৰ চেষ্টা মাতৃৰ।চীনত বিগত সাদিনৰ ভিতৰত ১৫,৮৪৮ জন লোক পজিটিভ হিচাপে চিনাক্ত হৈছে ।সাদিনৰ ভিতৰত প্ৰাণ হেৰুৱাইছে ৭ জনকৈ লোকে।অৰ্থাৎ প্ৰতি দিনত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে চীনৰ পৰা। কিন্তু বিশেষজ্ঞ সকলৰ অভিযোগ যে চীনত সংক্ৰমিত লোকৰ সংখ্যাৰ তথ্য লুকুওৱা হৈছে। কিন্তু কি এই BF.7?

চীনত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰা এয়া ক’ভিডৰ আন এক শক্তিশালী ভেৰিয়েন্ট। বিশেষজ্ঞ সকলৰ মতে BF.7 আমেৰিকাৰ আটাইতকৈ শক্তিশালী ভেৰিয়েন্ট ৷
এই নতুন ভেৰিয়েন্টটোৱে পূৰ্বে ক’ভিড হৈ যোৱা লোকসকলৰ উপৰিও তিনিটাকৈ ভেকচিনৰ ড’জ লোৱা ব্যক্তিকো সংক্ৰমিত কৰিছে। অৱশ্যে এয়া নতুন ভেৰিয়েন্টৰ লক্ষণ সমূহ স্পষ্টকৈ ধৰা দিয়ে।
BF.7ৰ দ্বাৰা সংক্ৰমিত এজন ৰোগীৰ পৰা একে সময়তে আক্ৰান্ত হ’ব পাৰে ১৮ জনকৈ মানুহ৷

সেয়ে চীনত এতিয়া প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে সংক্ৰমিতৰ সংখ্যা। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক’মকৈ থকা লোকসকলৰ বাবে মাৰাত্মক এই নতুন ভেৰিয়েন্ট।BF.7ৰ লক্ষণসমূহ হৈছে, জ্বৰ, চৰ্দি,কাহ, ডিঙিৰ খেৰখেৰণি, বমি আৰু ডায়েৰীয়া। এনেকৈয়ে এতিয়া ভয়াৱহ ৰূপত আহিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট BF.7… চীনৰ শেহতীয়াকৈ ভাইৰেল হোৱা দৃশ্যই শংকিত কৰি তুলিছে সমগ্ৰ বিশ্বক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.