কমতাপুৰৰ দাবীৰে সাক্ষাৎ মুখ্যমন্ত্ৰীক

Share This Article

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৫ ডিচেম্বৰত কোচ ৰাজবংশী জাতীয় পৰিষদ , কোচ- ৰাজবংশী সাহিত্য পৰিষদ আৰু কোচ- ৰাজবংশী মহিলা পৰিষদৰ নেতৃবৃন্দই সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে। কোচ- ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কয় যে কমতাপুৰ ৰাজ্যৰ দাবীটো ৰাজনৈতিক ভাবে সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীক সঠিক পদক্ষেপ ল’বলৈ আহ্বান জনাই সংগঠন কেইটাৰ নেতৃবৃন্দই৷তদুপৰি কোচ-ৰাজবংশী সকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনাই সংগঠন কেইটাই৷সংগঠনৰ নেতৃবৰ্গই ইয়াৰ ওপৰি সশস্ত্ৰ সংগঠন কেএলঅ’ক অতিশীঘ্ৰে আলোচনাৰ মেজলৈ আনি কমতাপুৰ ৰাজ্য গঠনেৰে শান্তি চুক্তি কৰাৰ আহ্বান জনায়।কোচ-ৰাজবংশী ভাষাক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাটোও তেওঁলোকৰ অন্যতম দাবী। KACক ষষ্ঠ অনুসূচিত KTC/UTC লৈ উন্নীতকৰণ কৰা, বঙাইগাঁও জিলাত চিলাৰায় সাংস্কৃতিক প্ৰকল্প স্থাপন কৰা,বিজনী আৰু চিদলী ৰাজ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে পৰ্যটকৰ স্থান হিচাপে গঢ়ি তোলা,বিটিচিৰ কোচ-ৰাজবংশী সকলক সকলো দিশতে সুৰক্ষা প্ৰদান কৰাৰ দাবী জনাই সংগঠন কেইটাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.