Investigative reporting with dedication.

আপৰ কাৰাবন্দী মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰত বিলাসী জীৱন কটোৱাৰ এক শেহতীয়া ভিডিঅ’ ভাইৰেল হৈছে মন্ত্ৰীজনৰ এই ভিডিঅ’টোক লৈ বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে আপক ! বিজেপিৰ এই কঠোৰ সমালোচনাৰ প্ৰত্যুত্তৰত আপ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় “ বিজেপি হ’ল এটা ভিডিঅ’ তৈয়াৰ কৰা কোম্পানী।” মুখ্যমন্ত্ৰী কেজৰিৱালক তেওঁৰ ছুৰাট ভ্ৰমণৰ সময়ত শেহতীয়া ভাইৰেল ভিডিঅ’ সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়“ বিজেপিয়ে দিল্লীত ইতিমধ্যে গেৰাণ্টি দিছে যে দিল্লীৰ প্ৰতিটো ৱাৰ্ডতেই এখনকৈ ভিডিঅ’ শ্বপ খুলিব।”
“জনতাই সিন্ধান্ত ল’ব তেওঁলোকক এটা ভিডিঅ’ বনোৱা কোম্পানী লাগিব নে ল’ৰাছোৱালীৰ ভৱিষ্যত উজ্জ্বল কৰিব পৰা এখন চৰকাৰ লাগিব”-এনেদৰে কয় কেজৰিৱালে।এইটো আপ মন্ত্ৰী সত্যেন্দ্ৰ সিঙৰ চতুৰ্থ চিচি টিভিৰ ভিডিঅ’ যিটো এএনআয়ে প্ৰকাশ কৰিছে আৰু যিটো বিজেপি নেতা সকলে ‘আপৰ মুখাপিন্ধা’ চৰিত্ৰৰ প্ৰকাশ বুলি সমালোচনা কৰিছে।সত্যেন্দ্ৰ জৈনৰ প্ৰথমটো ভিজুৱেল ১৯ নৱেম্বৰত প্ৰকাশ পাইছিল।সেই ভিডিঅ’টোত সত্যেন্দ্ৰ জৈনক মাছাজ দি থকা দেখা গৈছিল।


