‘বিতোপন’ৰ পৃথিৱী এৰি উলটি নহাৰ বাটেৰে গ’লগৈ প্ৰাৰ্থনা

প্ৰেম কিমান গভীৰ হ’লে প্ৰেমিকাৰ মৃতদেহক বিবাহপাশত আৱদ্ধ কৰি অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে । আপুনি হয়তো এনে দৃশ্য প্ৰায়ে দেখিবলৈ পায় ছবি সমূহত কিন্তু আজি আমি আজি যি খবৰ দিব বিচাৰিছোঁ এয়া কোনো ছবিৰ কাহিনীৰ অংশ নহয়। এইয়া সঁচা বাস্তৱ ঘটনা। শুকুৰবাৰে ৰহাৰ চাপৰমুখ কচুৱাৰ প্ৰাৰ্থনা বৰা নামৰ এগৰাকী যুৱতীয়ে এক জটিল ৰোগৰ বলি হৈ অকালতে সাবতি লয় মৃত্যুক ।প্ৰাৰ্থনাৰ প্ৰেম আছিল মৰিগাৱঁৰ বিতোপন তামুলীৰ লগত। দুয়ো দুয়োকে আপোন কৰি জীৱনটো আগবঢ়াই নিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈছিল।ভাবিছিল ৰহাৰ ঘৰখন এৰি এদিন কইনা সাজেৰে বিতোপনৰ মৰিগাঁৱৰ ঘৰখনলৈ একেবাৰে গুছি আহিব প্ৰাৰ্থনা।কিন্তু বিতোপন -প্ৰাৰ্থনাৰ সপোনে সাকাৰ ৰূপ নাপালে।তেওঁলোকক প্ৰেমিক-প্ৰেমিকাৰ পৰা পতি-পত্নী হোৱাৰ ক্ষেত্ৰত বাধা দিবলৈ যেন মাজত বাধাৰ প্ৰাচীৰ হিচাপে ঠিয় হ’ল প্ৰাৰ্থনাৰ এক জটিল ৰোগ।দুয়ো নিশ্চিত হ’ল যে প্ৰাৰ্থনা আৰু পৃথিৱীৰ বেছি দিনৰ আলহী নহয়।মানসিকভাৱে নিজকে একপ্ৰকাৰ কঠিন শিল বুকুত বান্ধি বিতোপনে সাজু কৰিছিল প্ৰেয়সীক বিদায় দিবলৈ।কিন্তু তেওঁ কেনেকৈ বিদায় দিব প্ৰাৰ্থনাক?প্ৰেমিকা নে পত্নী হিচাপে?প্ৰেমিকা হিচাপে বিদায় দিলে সাৰ্থক নহ’ব তেওঁলোকৰ প্ৰেম !সেয়ে আজি মৃত্যুক সাৱটি লোৱা মৃত প্ৰেমিকাৰ ঘৰত উপস্থিত হৈ প্ৰেমিকাৰ মৃতদেহৰ কপালত ৰঙা সেন্দূৰ বুলাই দিয়ে প্ৰেমিক বিতোপন তামুলীয়ে ।কেৱল সেন্দূৰেই নহয়,কইনাৰ শোৱাই থোৱা মৃতদেহৰ মূৰটো দাঙি পিন্ধাই দিলে বৰমালা। কিন্তু তেওঁক মালা পিন্ধাবলৈ তেওঁৰ প্ৰেয়সীয়ে যে কোনো দিনেই হাত নেমেলাৰ বাটেৰে গুছি গ’ল।সেয়ে বিতোপনে নিজেই প্ৰেয়সীৰ হাতেৰে মালাডাল স্পৰ্শ কৰোৱাই পিন্ধি ল’লে ডিঙিত !এনেদৰে সধৱা কৰি নিজ পত্নী তথা প্ৰেয়সীক বিদায় দিলে ইহসংসাৰৰ পৰা !সাক্ষী হৈ ৰ’ল আত্মীয় -স্বজন তথা প্ৰতিবেশী।প্ৰাৰ্থনাই কায়িকভাৱে ইহসংসাৰৰ পৰা বিদায় মাগিলে।কিন্তু আত্মিক সম্পৰ্কৰ জানো শেষ হয় ?আত্মাৰ সম্পৰ্ক সদায় অমৰ !বিতোপন -প্ৰাৰ্থনাৰ প্ৰেমেও পালে এক স্থায়ী স্বীকৃতি !

Leave a Reply

Your email address will not be published. Required fields are marked *