‘চামচাগিৰি’ৰে অভিলেখ ৰচিছে ভাৰতীয় সংবাদমাধ্যমে

Share This Article

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সংবাদ মাধ্যমৰ ওপৰত
আমেৰিকাৰ ইউনিভাৰ্চিটি অব মিছিগানে গবেষণা ভিত্তিক এক তথ্য প্ৰকাশ কৰিছে৷
বিভিন্ন ৰাজনৈতিক নেতা,ৰাজনৈতিক বিশ্লেষক,বুদ্ধিজীৱিয়ে সামাজিক মাধ্যমত আপলোড কৰা তথ্যৰ উৎস,টুইটাৰৰ টুইট,ৰিটুইট আদিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে৷

মিছিগানৰ গৱেষকে উলিওৱা তথ্য অনুসৰি তেওঁলোকে সংগ্ৰহ কৰা বিভিন্ন পৰিসংখ্যাত এটা কথা স্পষ্ট যে একাংশ সংবাদমাধ্যমক শাসক দল বিজেপিয়ে সমৰ্থন বা ফ’ল’ কৰাৰ বিপৰীতে আন একাংশ সংবাদ মাধ্যমক সমৰ্থন বা ফ’ল’ কৰে বিৰোধীয়ে৷
ভাৰতৰ অধিক সংখ্যক সংবাদগোষ্ঠীৰ সাংবাদিকে নিৰপেক্ষ ভূমিকা লোৱাৰ বিপৰীতে চৰকাৰৰ হৈহে ওকালতি কৰে বুলি প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে৷

তেওঁলোকৰ গৱেষণাত প্ৰকাশ পোৱা অনুসৰি “তিনিটা সংবাদগোষ্ঠীয়ে বিজেপিৰ হৈ সংবাদ পৰিৱেশন কৰে আৰু শাসক দলৰ ৰাজনৈতিক নেতাৰ সমৰ্থনো লাভ কৰে৷সেই গ্ৰুপ তিনিটা ক্ৰমে জী গ্ৰুপ,ৰিপাব্লিক গ্ৰুপ আৰু জাগৰণ গ্ৰুপ৷এই

আনহাতে ,ইয়াৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে এনডিটিভি হিন্দী আৰু ইংৰাজীয়ে৷এই সংবাদগোষ্ঠীটোক বিৰোধী সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ দলে ফ’ল’ কৰে৷আনহাতে,ইণ্ডিয়া টুডে গ্ৰুপটোও বিৰোধীৰ প্ৰিয় সংবাদগোষ্ঠীৰ তালিকাত পৰে৷

আনহাতে,টাইমছ অব ইণ্ডিয়া গ্ৰুপটোৱে কেতিয়াবা ধৰ্মীয় ভেদাভেদ সৃষ্টি কৰাত অৰিহণা যোগাই বুলিও গৱেষণাত প্ৰকাশ৷

আন্তৰ্জাতিক সংবাদমাধ্যমক যথেষ্ট সংখ্যক ভাৰতীয় ৰাজনীতিকে ফ’ল’ কৰে৷চিএনএন-নিউজ -18 আন্তৰ্জাতিক সংবাদগোষ্ঠীতে পৰে যদিও গৱেষণাৰ তথ্যত এই গোষ্ঠীটো ঘাইকৈ বিজেপিৰ প্ৰতি অধিক আকৰ্ষিত বুলি প্ৰকাশ পাইছে৷অৱশ্যে এই গোষ্ঠীটোৰ কণ্টেণ্ট সহযোগী চিএনএনক আমেৰিকাত উদাৰ ভাৱধাৰাৰ বুলিয়েই সকলোৱে জানে ৷

মিছিগান বিশ্ববিদ্যালয়ৰ গৱেষকে প্ৰায় ৪০ হাজাৰ ভাৰতীয় ৰাজনীতিকৰ ওপৰত এই গৱেষণা চলাইছিল৷তদুপৰি ৪,০৯৯ জন ভাৰতীয় সাংবাদিকৰ বিভিন্ন টুইট আৰু ৰিটুইটৰ তথ্যও সংগ্ৰহ কৰিছিল গৱেষকৰ দলটোৱে৷

মিছিগানৰ গৱেষক সকলে এই লোকসকলৰ প্ৰতিটো টুইট,ৰিটুইট ,প্ৰতিটো টুইটৰ তলৰ প্ৰায় ১০০০ বাৰ্তা পৰীক্ষা কৰিছিল৷

২০২১ চনৰ ১ আগষ্টৰ পৰা ২০২২ চনৰ ১৪ ছেপ্তেম্বৰলৈকে এই তথ্য সমূহ সংগ্ৰহ কৰা হৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.