গাডভীৰ কি হ’ব?

Share This Article

বিধায়ক হোৱাটো সহজ নহ’ব ইছুডন গাডভীৰ? ৫০ বছৰ ধৰি আন কোনো সোমাব পৰা নাই সমষ্টিটোত! অহিৰৰ মন জয় কৰিব পাৰিবনে আপৰ প্ৰাৰ্থী গৰাকীয়ে?

ইছুডন গাডভী ! হয়,এসময়ৰ সাংবাদিক আৰু বৰ্তমান গুজৰাটৰ আপৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী গাডভীৰ কথাই ক’ব বিচৰা হৈছে।নিৰ্বাচনত প্ৰতিন্দন্দ্বিতাৰ বাবে সমষ্টি ঠিক হ’ল গাডভীৰ দেৱভূমি দ্বাৰকা জিলাৰ খাম্বালীয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব গাডভীয়ে। খাম্বালীয়া সমষ্টিটো অহিৰ সম্প্ৰদায়ৰ আৱাসভূমি গাডভী কিন্তু অহিৰ সম্প্ৰদায়ৰ প্ৰতিনিধি নহয়। ১৯৭২ চনৰ পৰা অহিৰ সম্প্ৰদায়ৰ প্ৰাৰ্থীৰ দখলতেই আছে সমষ্টিটো। অহিৰ সম্প্ৰদায়টো অন্যান্য পিছপৰা জাতিৰ অন্তৰ্ভুক্ত। গাদভীৰ বিৰুদ্ধে সমষ্টিটোত প্ৰতিন্দন্দ্বিতা কৰিব কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক তথা দলটোৰ শক্তিশালী নেতা বিক্ৰম মাদামে। আনহাতে,বিজেপিয়ে উক্ত সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে মুলু বেৰাক। কংগ্ৰেছ আৰু বিজেপি দুয়ো দলৰ প্ৰাৰ্থীৰ মতে অহিৰ সম্প্ৰদায়ৰ প্ৰতিনিধিয়েহে সমষ্টিটো নিজৰ দখলত ৰাখিব পাৰে৷আন প্ৰাৰ্থীৰ বাবে সমষ্টিটোত জয়ী হোৱাতো সহজ নহয়। “ ২০১২ চনত খাম্বালীয়া সমষ্টিটো পুনৰ গঠন কৰা হয়। সেই সময়ৰ পৰা সমষ্টিটো অহিৰ সম্প্ৰদায়ৰ একচেটিয়া দখললৈ যায়। সকলো দলেই তাত কেৱল অহিৰ সম্প্ৰদায়ৰ প্ৰাৰ্থীকহে প্ৰাৰ্থিত্ব প্ৰদান কৰে”- এনেদৰে কয় বিজেপিৰ প্ৰাৰ্থী মুলু বেৰাকে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.