৩০ দিনীয়া শিক্ষকেৰে শিক্ষাদান গুজৰাটত

Share This Article

প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যত আছে ৩০দিনীয়া শিক্ষক !৩০ দিনৰ বাবে শিক্ষক নিযুক্তি দিয়ে গুজৰাট চৰকাৰে। বিগত ২৭ বছৰ বিজেপিয়েই শাসনত আছিল গুজৰাটত। সকলোৱে গুজৰাট মডেলক অনুকৰণ কৰে । কিন্তু কি এই গুজৰাট মডেল ?জানিলে আচৰিত হ’ব আপুনি !অসমতকৈয়ো শোচনীয় গুজৰাটৰ অৱস্থা ।গুজৰাটৰ ৭০০ খন প্ৰাথমিক বিদ্যালয় চলি আছে মাত্ৰ এজনীয়া শিক্ষকেৰে। গুজৰাটৰ ৩৩ খন জিলাৰ ভিতৰত তাপী জিলাৰ ৫৯ খন বিদ্যালয়ত আছে মাত্ৰ ১ জন শিক্ষক।মহীসাগৰ জিলাৰ ৭৪ খন বিদ্যালয়ত আছে ১ জন শিক্ষক। পিছপৰা জিলাতো বাদেই নগৰাঞ্চল অধিক থকা জিলাবোৰতো একেই অৱস্থা।ব্যৱসায়িক প্ৰাণকেন্দ্ৰ চুৰাটত এজনীয়া বিদ্যালয় আছে ৪৩ খন।আহমেদাবাদত আছে ৪ খন ,বদোদৰাত আছে ৩৮ খন আৰু ৰাজকোটত এজনীয়া শিক্ষক থকা বিদ্যালয় আছে ১৬ খন।বিদ্যালয়বোৰৰ এজনীয়া শিক্ষকৰ সপক্ষে আকৌ চৰকাৰে দৰ্শাই অদ্ভুত যুক্তি।অদ্ভুত মানে যুক্তি শুনিলে চকু কপালত উঠিব আপোনাৰ ! শিক্ষকৰ মৃত্যু,অৱসৰ আৰু ট্ৰেন্সফাৰৰ বাবেহে বোলে শিক্ষক এজনীয়া হৈছেগৈ বিদ্যালয়বোৰত ! মুঠতে আপুনি -মই সমৰ্থন কৰোঁ বা নকৰোঁ বিজেপি চৰকাৰৰ ওচৰত যুক্তি অলেখ।গুজৰাটৰ শিক্ষাখণ্ডৰ এই দুৰ্দশাগ্ৰস্ত প্ৰতিচ্ছবিক লৈয়ে আপ নামিছে নিৰ্বাচনী প্ৰচাৰত।৬ মাহ আগতেই গুজৰাটৰ বিদ্যালয় ভ্ৰমণ কৰি কি দেখিছিল দেশৰ সবাতোকৈ সফল শিক্ষামন্ত্ৰী মনীষ ছিছ’ডিয়াই ?গুজৰাটৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী জীতেন্দ্ৰভাই বাঘানী।তেওঁৰ সমষ্টি ভাৱনগৰত থকা বিদ্যালয়ৰ অৱস্থা তথৈৱচ।মকৰা জালেৰে আৱৰি থকা বিদ্যালয় গৃহত নাই টয়লেট।বিদ্যালয়ৰ শিক্ষকসকলক মাহেকীয়া ভিত্তিত ৰখা হয় ।শিক্ষকে এমাহ সম্পূৰ্ণ হোৱাৰ দৰমহা লোৱাৰ দিনালৈকে গম নাপায় পিছৰ মাহত চাকৰিটো থাকিব নে নাথাকে !এনেকৈয়ে চলি আছে গুজৰাটৰ বিদ্যালয়।আশ্চৰ্যকৰ বিষয়টো হ’ল শিক্ষামন্ত্ৰী জীতেন্দ্ৰভাইৰ সমষ্টিত কেইবাখনো চৰকাৰী বিদ্যালয় বন্ধ হৈছে কিন্তু তেওঁৰ পৰিয়ালৰ দ্বাৰাই সুন্দৰভাৱে চলি আছে ব্যক্তিগত বিদ্যালয় আৰু মহাবিদ্যালয় !মুঠ কথাত গুজৰাটত এনে এজন ব্যক্তি শিক্ষা মন্ত্ৰীৰ দায়িত্বত আছে যিয়ে চৰকাৰী বিদ্যালয় বন্ধ কৰে কিন্তু ব্যক্তিগত বিদ্যালয় নিজে খোলে !অহা ৩ আৰু ৫ ডিচেম্বৰত গুজৰাটত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।২৭ বছৰ শাসন কৰা বিজেপিৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠানবিৰোধী ঢৌ। গুজৰাটী জনতাই কাক শাসনৰ বাঘজৰী দিয়ে সেয়া নিশ্চিত হ’ব অহা ৮ ডিচেম্বৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.